অসমৰ ডিমা হাচাও জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকে হাফলঙৰ খেপ্ৰে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ (পিএইচচি) নজন স্বাস্থ্যকৰ্মীক নিলম্বন কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে ,স্বাস্থ্য কৰ্মীসকলে দায়িত্ব পালনৰ ক্ষেত্ৰত কৰা অনিয়ম আৰু অৱহেলাৰ বাবে নিলম্বিত কৰা হৈছে নজন স্বাস্থ্যকৰ্মীক। বিভাগীয় তদন্ত সম্পূৰ্ণ নোহোৱালৈকে নিলম্বিত হৈ থাকিব স্বাস্থ্যকৰ্মী কেইজন।
জানিবপৰা মতে নিলম্বিত ব্যক্তিসকলৰ ভিতৰত এজন চিকিৎসক, দুজন ফাৰ্মাচিষ্ট, চাৰিগৰাকী নাৰ্ছ আৰু দুজন স্বাস্থ্য কেন্দ্ৰটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
উল্লেখযোগ্য যে ডিমা হাচাওত নিযুক্তি প্ৰাপ্ত চিকিৎসকসকলে কেৱল হাফলঙত হে কাম কৰিবলৈ পছন্দ কৰে, যাৰ ফলত জিলাখনৰ গ্ৰাম্য অঞ্চল সমূহত চিকিৎসা সুবিধাৰ অৱনতি ঘটিছে। উক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে খেপ্ৰে গাঁৱৰ মানুহৰ চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণ কৰাত যথেষ্ট সহায়ক হৈছিল ।