বৃহস্পতিবাৰে গুৱাহাটীৰ সাউকুছিত বৃহৎ পৰিমানৰ নিচাযুক্ত সামগ্ৰী দাহন কৰা হয় । এই কাৰ্যসূচীত ৯,০৭৭ কিলোগ্ৰাম গাঞ্জা দাহন কৰা হয় । লগতে বিভিন্ন অভিযানৰ সময়ত জব্দ কৰা ১ কোটি ৫১ লাখ বিদেশী চিগাৰেট শুল্ক বিভাগৰ উদ্যোগত বিনষ্ট কৰা হয় ৷
বিনষ্ট কৰিবলগীয়া গাঞ্জাখিনিৰ বজাৰ মুল্য প্ৰায় ১৪,৪৪,৬২,৩৪০ টকা। মুঠ ১০ টা গোচৰত গুৱাহাটীৰৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। আনহাতে বিনষ্ট কৰিবলগীয়া বিদেশী চিগাৰেটখিনিৰ বজাৰ মূল্য ২৯,৬৬,৭৬,২০০ টকা ৷ মুঠ ৩৫ টা গোচৰৰ ভিত্তিত এই বিদেশী চিগাৰেটসমূহ জব্দ কৰা হৈছিল ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ সাউকুছিত এই ড্ৰগাছ দাহন কাৰ্যসূচীত উপস্থিত থাকে শুল্ক বিভাগৰ অধ্যক্ষ সঞ্জয় কুমাৰ আগৰৱাল।