বৰাক উপত্যকাৰ প্ৰানকেন্দ্ৰ শিলচৰত সম্পন্ন হল উত্তৰ – পূৱ বাংলা লিটল মেগাজিনৰ নবম সন্মিলন ৷ ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই সন্মিলন ৷ নন্দিনী সাহিত্য আৰু পাঠচক্ৰৰ উদ্যোগত এই সন্মিলত অনুষ্ঠিত হয় বৰাক উপত্যকাৰ চাহ শিল্পৰ অন্যতম ঐতিহ্যমন্ডিত কাছাৰ নেটিভ জইন্ট ষ্টক ষ্টাফ কোম্পানী প্ৰাংগণত ৷ ৭ জানুৱাৰীত এই সন্মিলনৰ উদ্ধোধন কৰা হয় ৷ উদ্ধোধন কৰে ৰবীন্দ্ৰ বিশেষজ্ঞ , ভাষাভাৰতী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° উষাৰঞ্জন ভট্টাচাৰ্য , বাংলা সাহিত্যৰ খ্যাতনামা উপন্যাসিক নলিনী বেৰা আৰু পশ্চিমবংগৰ অন্যতম গল্পকাৰ প্ৰতিভা সৰকাৰে ৷
অনুষ্ঠানৰ প্ৰধান অতিথি ড° উষা ৰঞ্জন ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি কয় যে বৰাক উপত্যকাত সুদীৰ্ঘ কালৰ পৰাই সাহিত্য চৰ্চা চলি আহিছে ৷ শত বছৰ পূৰ্বেও বৰাক উপত্যকাত সাহিত্য চৰ্চা তথা সংবাদপত্ৰ প্ৰকাশ পোৱাৰ ইতিহাস পোৱা গৈছে ৷ তেওঁ লগতে কয় যে ১৮৮১ চনত হাইলাকান্দিৰ পৰা প্ৰকাশ পাইছিল ’ছাত্ৰসখা’ নামৰ এখন কাকত ৷ কলকাতাৰ পৰা আগত বিশিষ্ট উপন্যাসিক নলিনী বেৰা অংশগ্ৰহণ কৰি কয় যে সাহিত্য চৰ্চাত লিটল মেগাজিনৰ ভূমিকা অপৰিসীম ৷ লিটল মেগাজিন কেবল সাহিত্য নহয় সংস্কৃতিকো ধৰি ৰাখিছে বুলি তেওঁ কয় । কলকাতাৰ পৰা আগত আন এগৰাকী সাহিত্যিক অবসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰতিভা সৰকাৰে অংশগ্ৰহণ কৰি কয় যে সাহিত্যৰ কোনো জাতি ভাষা ধৰ্ম নাই ৷ নাৰী – পূৰুষ সকলৰ বাবে সাহিত্যৰ একে স্থান ৷
কিন্তু পুৰুষ তান্ত্ৰিক সমাজ ব্যবস্থাত নাৰী সকল বৰ্তমানেও ন্যয্য সন্মানৰ পৰা বঞ্চিত হৈ আহিছে ৷ নন্দিনী সাহিত্য আৰু পাঠচক্ৰৰ প্ৰধান সচিব ড° সুমিতা ঘোষে অংশগ্ৰহণ কৰি কয় যে সকলোৰ সহযোগিতাত নন্দিনী সাহিত্য আৰু পাঠচক্ৰ ২৩ বছৰ পূৰ্ণ কৰিল ৷ তেওঁ লগতে কয় যে সাহিত্য বিপ্লৱ অটুত ৰখাৰ স্বাৰ্থত শিলচৰ চহৰৰ বুকুত অনুষ্ঠিত কৰা হৈছে এই সন্মিলন ৷ উত্তৰ – পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ তথা প্ৰান্তিক অঞ্চলৰ পৰা লিটল মেগাজিন লৈ অহা অহা সকলো সম্পাদক প্ৰতিনিধিক অভিনন্দন জনায় তেওঁ ৷ এই উদ্ধোধনী অনূষ্ঠানত অধ্যাপক অমলেন্দু ভট্টাচাৰ্য অংশগ্ৰহণ কৰি বহু যুগ আগৰ উদাহৰন দাঙি ধৰি মহিলা শিক্ষাৰ ওপৰত আলোকপাত কৰে ৷
উক্ত অনুষ্ঠানত নন্দিনী সাহিত্য আৰু পাঠচক্ৰ সম্পাদিকা মঞ্জুৰী হীৰামনি ৰায় , উপদেষ্টা ৰমা পুৰকায়স্থ সহ আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে কন কন শিশু সকলে উলিওৱা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা লিখক উদয়ণ বিশ্বাসে ৷ ৮ জানুৱাৰী সন্মিলনৰ দিত্বীয় দিনা সম্বৰ্ধনা অনুষ্ঠান , আলোচনা সভা , বিতৰ্ক সভা , সম্পাদকীয় বৈঠক , আৰু কবিতা পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উল্লেখ্য যে দুদিনীয়া এই সন্মিলনত উত্তৰ – পূৰ্বাঞ্চলৰ অসম , ত্ৰিপুৰা , মেঘালয় আৰু নাগালেণ্ডৰ শতাধিক ক্ষুদ্ৰ আলোচনী তথা সম্পাদকে অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰে অন্যতম হৈছে একা আৰু কয়েকজন , মুখাবয়ৰ , নাইন্থ কলাম , মানৱী , ফোটামাটি , আলাপ আদি ।