হিমাচল প্ৰদেশত সংঘটিত হৈছে এক শোকাবহ ঘটনা। অকালতে প্ৰাণ হেৰুৱালে অসমৰ এজন জোৱানে। নিজৰেই বন্দুকৰ গুলীত প্ৰাণ এৰুৱালে ধনজিৎ দাস নামৰ এছএছবি জোৱানজনে ৷দেওবাৰে দিনৰ ভাগত সংঘটিত হয় এই দুৰ্ভাগ্যজনক ঘটনাটো।
বজালীৰ বৰবাং কুমাৰপাৰাৰ বাসিন্দা আছিল ধনজিৎ। প্ৰাপ্ত তথ্য অনুসৰি হিমাচলৰ জ্বালামুখী আৰক্ষী থানাৰ অন্তর্গত এছএছবিৰ ছাপ্ৰি শিবিৰৰ মূল প্ৰৱেশদ্বাৰত কর্তব্যৰত হৈ আছিল ৷ সেই সময়তে এই ঘটনা সংঘটিত হয় ৷লগে লগে তেওঁক জ্বালামুখী চিভিল হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷
অৱশ্যে অসাৱধানবশতঃ বন্দুকৰ গুলী লাগি তেওঁৰ মৃত্যু হ’লনে এয়া এক আত্মহত্যাৰ ঘটনা তাক লৈ চাঞ্চল্য অব্যাহত আছে ৷ জানিব পৰা মতে প্ৰায় দুমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল ধনজিত। বিয়াৰ পাছত কিছুদিন পূর্বে গৈ কৰ্তব্যত যোগদান দিছিল তেওঁ । এই ঘটনাত ধনজিতৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পেলাইছে।