সমগ্ৰ অসমতে কেইবাদিনীয়া কাৰ্য্যসূচীৰে চৰকাৰী-বেচৰকাৰী ভাৱে উদযাপিত হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০বছৰীয়া জন্ম জয়ন্তী ৷ দেশৰ ৰাজধানী দিল্লীৰ বিজ্ঞান ভৱনতো উদযাপিত হৈছে লাচিত দিৱস ৷ এনে সময়তে সামাজিক মাধ্যম ফেচবুকত এখন ফটো আপলোড কৰি অসমৰ এক ঐতিহাসিক সম্পদ সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান জনাই আজাদ আলী নামৰ এজন ব্যক্তিয়ে ৷
অসম কেৱল এটা জাতি বা জনগোষ্ঠীৰ দেশ নহয় ৷ বহু কেইটা জাতি-জনগোষ্ঠীৰ সমন্বয়ত হে গঢ় লৈ উঠিছে বৃহৎ অসমীয়া জাতি যাক আমি প্ৰতিজন অসমীয়াই একেমুখে স্বীকাৰ কৰিবলাগিব নাইবা কৰা উচিত ৷ এই বৃহৎ অসমীয়া জাতিৰ এক অবিচ্ছেদ্য অংগ হৈছে গৰীয়া – মৰিয়াসকল ৷ অসমীয়া জাতি গঢ়াৰ স্বাৰ্থত যাৰ ত্যাগ নাইবা বলিদানকআমি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰো ৷
সেই গৰীয়া – মৰিয়াসকলে তৈয়াৰ কৰা ৫০০ বছৰীয়া এটি আপুৰুগীয়া বৰটোপৰ এখন ফটো সামাজিক মাধ্যমত আপলোড কৰি আজাদ আলী নামৰ এই ব্যক্তি গৰাকীয়ে কয় যে আহোম সৈন্যই ব্যৱহাৰ কৰা এই বৰটোপ ১৬৭১চনৰ শৰাইঘাট ৰণৰ প্ৰায় ১০০ বছৰৰো আগতে গৰীয়া – মৰিয়াসকলে নিৰ্মাণ কৰা। আহোম আৰু মোগলৰ যুদ্ধত আহোম সেনাই মোগলক খেদি পঠোৱাত এই বৰটোপবোৰে বহুখিনি সহায় কৰিছিল ।
প্ৰায় ১৫৭০ চনৰে এই বৰটোপটো কলিয়াবৰ জয়ন্তীপুৰ গাঁৱৰ বৰ মছজিদত সংৰক্ষিত হৈ আছে । যাক ৰাইজে চাব পাৰে ৷ আনহাতে ইয়াৰ উচিত সংৰক্ষণৰ ব্যৱস্থা কৰিবৰ বাবেও তেওঁ চৰকাৰক এই ফেচবুক প’ষ্টটোৰ যোগেদি আহ্বান জনায় ৷ অৱশ্যে এয়া লক্ষণীয় হ’ব যে এই সন্দৰ্ভত সঁচাকৈয়ে চৰকাৰে সংৰক্ষণৰ ব্যাৱস্থা গ্ৰহণ কৰিব নে এনেকৈয়ে এসময়ত নোহোৱা হৈ যাব এই আপুৰুগীয়া বৰটোপটোৰ ইতিহাস ৷