অসম-অৰুণাচল সীমান্তৰ কৈলাজুলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ পুত্ৰই দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ ৷ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত কৈলাজুলিৰ উত্তৰ মানশিৰিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি পিতৃহন্তা যুৱকজন হৈছে দৈমালু বড়ো ৷ তেওঁৰ দাৰ ঘাপত নিহত হৈছে ৰিতমল বড়ো ৷
পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি পাৰিবাৰিক কন্দলৰ বাবে ৰিতমল বড়োৱে পত্নীক দাৰে ঘপিয়াবলৈ উদ্যত হৈছিল ৷ সেই ময়তে মাতৃক বচাবলৈ পিতৃক বাধা দিবলৈ গৈ পুত্ৰ দৈমালু বড়োৱে দাৰে ঘপিয়াই ৰিতমল বড়োক হত্যা কৰে।
মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ দৈমালু বড়োক চাৰিদুৱাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । বৰ্তমান অভিযুক্ত দৈমালুক আৰক্ষীৰ সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।