ডাঃ ৰিজুৱানা বেনজিৰ ৷ নগাঁৱৰ কাৱৈমাৰী চিকিৎসালয়ৰ এনাছথেছিয়া বিশেষজ্ঞ আছিল তেওঁ ৷ যোৱা২৩ ছেপ্টেম্বৰৰ বিয়লি নগাঁৱৰ উৰিয়াগাঁৱৰ সমীপত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই কাঢ়ি নিয়ে প্ৰচূৰ সম্ভাৱনাময় চিকিৎসক গৰাকীৰ জীৱন।
জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত ডাঃ ৰিজুৱানা বেনজিৰৰ এই শোকাবহ মৃত্যুৰ বিষয়ে কিছু কথা জনাই এটি প’ষ্ট আপলোড কৰিছে নয়ণ নিবিড় নামৰ এগৰাকী সমাজ সচেতন যুৱকে ।
প’ষ্টটোত তেওঁ উল্লেখ কৰে যে নিজে চলাই থকা ‘আইটেন’ বাহনখনত বিপৰীত দিশেৰে আহি থকা সেনা জোৱান কঢ়িয়াই নিয়া এখন বাছে খুন্দিওৱাৰ ফলত চিকিৎসক গৰাকী বেয়াকৈ আহত হয় আৰু তেওঁ চলাই নিয়া গাড়ীখনৰ সন্মুখ ভাগ সম্পূৰ্ণ ৰূপে চূড়মাৰ হয় । কিন্তু তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাত পলম হোৱাৰ ফলত চিকিৎসক গৰাকীৰ জীয়াই থকাৰ শেষ আশাকণো হেৰাই যায় ৷ অৱশেষত চিকিৎসালয় পোৱাৰ লগে লগেই মৃত্যু হয় ডা°ৰিজুৱানাৰ ৷ জানিব পৰা মতে বহু সময় ধৰি চিকিৎসক গৰাকীয়ে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰতেই মৰণকাতৰ আৰ্তনাদ কৰিছিল ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা চিকিৎসক গৰাকীক উদ্ধাৰত প্ৰায় এক ঘন্টা সময়ৰ প্ৰয়োজন হৈছিল ৷
পিতৃ মাতৃৰ কিমান সপোন আৰু ত্যাগৰ বিনিময়ত আমাৰ দেশত এগৰাকী সন্তান চিকিৎসক হয়, সেয়া একমাত্ৰ বেনজিৰ নাইবা তেনে সন্তান সকলৰ পিতৃ মাতৃয়েহে ক’ব পাৰিব ৷
উল্লেখযোগ্য যে ডাঃ ৰিজুৱানা বেনজিৰ নগাঁৱৰ সুচিকিৎসক ডাঃ আব্দুল আৱালৰ কন্যা ৷
এটা পথ দুৰ্ঘটনাই হঠাৎ কাঢ়ি নিলে ডাঃ ৰিজুৱানা বেনজিৰৰ দৰে এটি উজ্জ্বল ভৱিষ্যৎ ৷ ডাঃ ৰিজুৱানা বেনজিৰৰ এই শোকাবহ মৃত্যুত আমাৰ গভীৰ সমবেদনা