এমিবিক মেনিনগো এনকেফেলাইটিছ। মগজুৰ এক বিৰল সংক্ৰমণ। এবাৰ সংক্ৰমিত হ’লে জীয়াই থকাৰ সম্ভাৱনা কম। এই সংক্ৰমণত মৃত্যুৰ হাৰ ৯৭ শতাংশ। এই পৰ্যন্ত বিশ্বজুৰি ১১ জন লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে। সেই বিৰল আৰু জটিল ৰোগৰ পৰা সুস্থ হৈ উঠিছে কেৰালাৰ কোঝিকোডৰ এজন কিশোৰ।
অসুস্থ কিশোৰীগৰাকীক প্ৰথমে কোজিকোডৰ মেলাদি গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। তাতেই স্বাস্থ্যকৰ্মীসকলে কিশোৰজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত সন্দেহ প্ৰকাশ কৰে। তেওঁলোকে অসুস্থতাৰ লক্ষণসমূহ উচ্চ কৰ্তৃপক্ষক জনাইছিল। সংক্ৰমণ নিশ্চিত হোৱাৰ পিছত কেৰেলাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জৰ নেতৃত্বত এক বিশেষজ্ঞ দলে স্বাস্থ্য বিভাগত এক বৈঠক অনুষ্ঠিত কৰে। সেইদিনা পুনৰ কিশোৰজনৰ মৃগীৰোগ হৈছিল। ফলত পৰিয়ালৰ লোকে পলম নকৰাকৈয়ে ১ জুলাইত কোজিকোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে।
ৰাজ্যৰ স্বাস্থ্য বিভাগে কিশোৰজনৰ শাৰীৰিক অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল। স্বাস্থ্য বিভাগে তেওঁৰ চিকিৎসাৰ বাবে মিল্টেফ’চিন নামৰ এবিধ এন্টিমাইক্ৰ’বিয়াল ঔষধ যোগান ধৰিছিল। চিকিৎসা আৰম্ভ কৰাৰ তিনি সপ্তাহৰ ভিতৰতে সুস্থ হৈ উঠে কিশোৰীগৰাকী। চিকিৎসকৰ মতে, প্ৰাৰম্ভিক পৰ্যায়ত সংক্ৰমণ ধৰা পৰাত চিকিৎসাৰ ফলত কিশোৰজন সুস্থ হৈ উঠে।
উল্লেখযোগ্য যে যোৱা তিনিমাহত কেৰালাত তিনিটা শিশু এই ৰোগত আক্ৰান্ত হৈছিল। তিনিওজনৰ মৃত্যু হয়। এমিবিক মেনিনগোএনকেফেলাইটিছ হৈছে এক প্ৰকাৰৰ পানীজনিত সংক্ৰমণ। দূষিত পানীত জীৱিত এমিবাৰ দ্বাৰা সংক্ৰমণ বিয়পে। ইতিমধ্যে কেৰালাৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা। কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়নে স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে যাতে এই ৰোগ আগতীয়াকৈ ধৰা পৰে। ইয়াৰ বাবে তেওঁ ইনষ্টিটিউট অৱ এডভান্সড ভাইৰ’লজীৰ সহযোগিতা লোৱাৰো প্ৰস্তাৱ আগবঢ়ায়।