আৰক্ষীৰ ধাৰাবাহিক অভিযানেও নিয়ন্ত্ৰণলৈ আনিব পৰা নাই নিচাজাতীয় সামগ্ৰীৰ অবৈধ ব্যৱসায়ীক ৷ ৰাজ্যত প্ৰতিদিনে জব্দ হৈছে নিচাজাতীয় সামগ্ৰী ৷ এইবাৰ দক্ষিণৰ ছুপাৰহিট ছবি পুষ্পাৰ আর্হিত গাঞ্জা সৰৱৰাহ কৰিবলৈ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিছে দুজন লোক ৷ তেলৰ টেংকাৰ এখনৰ পৰা বশিষ্ঠ আৰু পল্টনবজাৰ আৰক্ষীৰ এক যুটীয়া অভিযানত ২৬৪০ কেজি গাঞ্জা জব্দ কৰা হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি দুৰ্বৃত্তই তেলৰ টেংকাৰখনত গোপন চেম্বাৰ বনাই বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহৰ চেষ্টা কৰিছিল ৷ এনএল ০১ এএইছ ০৫০১ নম্বৰৰ টেংকাৰখনেৰে শিলচৰৰ পৰা বঙাইগাঁৱলৈ সৰবৰাহৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰে ৷ভাৰত পেট্ৰোলিয়ামৰ ইন্ধন কঢ়িওৱা টেংকাৰখনৰ পৰা আৰক্ষীয়ে পেকেটে পেকেটে গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। টেংকাৰখনৰ চালকদ্বয় কাছিম আলী আৰু মুকুট আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।