দীর্ঘদিন ধৰি ৰাজ সিংহাসনৰ বাঘজৰী চম্বালি থকা ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে অনেক তথ্য ৷ বিশেষকৈ ৰাণী গৰাকীৰ জীৱন যাপনৰ শৈলী, সা-সম্পত্তি আদিক লৈ বিভিন্ন বা-বাতৰি প্ৰকাশ পাইছে ৷ ইয়াৰ মাজতে ৰাণী গৰাকীৰ এখন বিশেষ পত্ৰক লৈ বিশেষ চর্চা হোৱা পৰিলক্ষিত হৈছে ৷ দ্বিতীয় ৰাণী এলিজাবেথে লিখা এই গোপন চিঠিখন ছিডনীৰ এটা ভল্টৰ ভিতৰত ৰখা হৈছে ৷ আমোদজনক কথাটো হ’ল যে এই চিঠিখন পৰৱর্তী ৬৩ বছৰলৈ কোনেও খুলিব নোৱাৰিব!
অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি চিডনীৰ এটা ঐতিহাসিক ভৱনৰ এটা ভল্টৰ ভিতৰত থকা এই চিঠিখন ১৯৮৬ চনৰ নৱেম্বৰ মাহত তেওঁ ছিডনীৰ জনসাধাৰণক উদ্দেশ্যি লিখিছিল ৷ তেতিয়াৰ পৰাই এই চিঠিখন ভ’ল্টত ৰাণীৰ ইচ্ছা অনুসৰি সুৰক্ষিতভাৱে ৰখা হৈছে ৷
আনকি ৰাণীৰ ব্যক্তিগত কৰ্মচাৰীয়েও চিঠিখনত কি লিখা আছে সেই বিষয়ে অৱগত নহয় ৷ চিঠিখন এটা কাঁচৰ বাকচৰৰ ভিতৰত ৰখা হৈছে। ৰাণীৰ ইচ্ছা অনুসৰি ২০৮৫ চনলৈকে খুলিব নোৱাৰিব এই পত্ৰখন ।
পত্ৰখন সন্দর্ভত ছিডনীৰ লৰ্ড মেয়ৰক সম্বোধন কৰা নিৰ্দেশনাটোত এইদৰে লিখা আছে: “২০৮৫ খ্ৰীষ্টাব্দত আপোনালোকে নিৰ্বাচন কৰিবলগীয়া উপযুক্ত দিনটোত অনুগ্ৰহ কৰি এই খামটো খুলি ছিডনীৰ নাগৰিকসকলক তেওঁলোকৰ ওচৰলৈ মোৰ বাৰ্তা প্ৰেৰণ কৰিবনে?” পত্ৰখন “এলিজাবেথ আৰ” বুলি তেওঁ স্বাক্ষৰ কৰি গৈছে ৷
ৰাষ্ট্ৰপ্ৰধান হিচাপে দ্বিতীয় ৰাণী এলিজাবেথ ১৬ বাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল।শুকুৰবাৰে ছিডনীৰ আইকনিক অপেৰা হাউছত ৰাণীক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।