বৰ্তমান সময়ৰ ব্যস্ত জীৱনশৈলীত বিশ্বাস আৰু ভক্তি যেন মানৱ জীৱনত মানসিক চাপ হ্ৰাস কৰাৰ ক্ষেত্ৰত আটাইতকৈ সহজ মাধ্যম হৈ পৰিছে ৷ সেয়েহে হয়তো সুযোগ পালেই বিভিন্ন ঠাইলৈ গৈ মন্দিৰ দৰ্শন কৰে ভগৱান বিশ্বাসী লোকসকলে ।
সঁচা অৰ্থত বিশ্বৰ যিকোনো ধৰ্মীয় স্থানেই মানুহৰ মনত এক অনাবিল শান্তি প্ৰদান কৰে৷আমাৰ দেশ ভাৰতবৰ্ষত অৱস্থিত তেনে ধৰ্মীয় স্থানসমূহ নাইবা মঠ-মন্দিৰবোৰ ইমানেই, আকৰ্ষণীয় যে সেই মঠ-মন্দিৰ দৰ্শন কৰিলে আনন্দিত হয় সকলোৰে মন ।এইসমূহৰ ভিতৰত এনে কিছু পৌৰাণিক মঠ- মন্দিৰ আছে যি সমূহৰ আছে এনে বহু কাহিনী যিবোৰ কাহিনী সহজে বিশ্বাস কৰাটো কঠিন।
আজি ক’বলৈ ওলাইছো আমাৰ দেশ ভাৰতত অৱস্থিত তেনে এক পৌৰাণিক মন্দিৰৰ কথা যি মন্দিৰৰ আছে এক অনন্য ইতিহাস ৷
ঘন অৰণ্যৰ মাজত পৰ্বতৰ শিখৰত অৱস্থিত ভগৱান গণেশৰ এটি মন্দিৰ। এটি পৰ্বতত অকলে বহি আছে গণপতি বাপ্পা।কিন্তু ভক্তসকলে তেওঁক লগ পোৱাটো ইমান সহজ নহয়।
প্ৰকৃততে ৰায়পুৰৰ পৰা মাত্ৰ ৩৫০ কিলোমিটাৰ দূৰত্বত থকা ছত্তীশগড়ৰ দন্তেৱাড়া জিলাৰ ঢোলকাল পৰ্বতৰ ওপৰত অৱস্থিত ভগৱান গণেশৰ এই মন্দিৰ। সমুদ্ৰপৃষ্ঠৰ পৰা ৩০০০ ফুট উচ্চতাত অৱস্থিত এই মন্দিৰত এনে এক পথ আছে যি অতি ঠেক ,যি পথেৰে যাত্ৰা কৰাও অত্যন্ত কঠিন।
লোকবিশ্বাস অনুসৰি প্ৰায় ১ হাজাৰ বছৰ পুৰণি বাপ্পাৰ এই মন্দিৰ ৷
এই মন্দিৰত অৱস্থিত এই গণপতিৰ মূৰ্তি দেখাত ঢোলৰ আকৃতিৰ বাবেই এই পৰ্বতক ঢোলকাল পৰ্বত আৰু মন্দিৰক ঢোলকাল গণপতি মন্দিৰ বুলি কোৱা হয়।
উল্লেখনীয় যে এই মন্দিৰৰ ভগৱান গণেশৰ মূৰ্তিৰ ওপৰৰ সোঁহাতত এখন কুঠাৰ আৰু ওপৰৰ বাওঁহাতত এটা ভঙা দাঁত আছে। তলৰ সোঁহাতত এডাল মালা আৰু বাওঁহাতত আছে তেওঁ অতি প্ৰিয় এটি মোদক। বিশ্বাস অনুসৰি এই পৰ্বতত পৰশুৰাম আৰু গণেশৰ মাজত তীব্ৰ যুদ্ধ হৈছিল ।এই যুদ্ধ কিয় হৈছিল তাৰো আছে এক ৰোমাঞ্চকৰ কাহিনী
কোৱা হয় যে মহাদেৱক তপস্যা কৰি পৰশুৰাম শক্তিমন্ত হৈ পৰিছিল আৰু সেয়ে মহাদেৱক ধন্যবাদ জনাবলৈ তেওঁ কৈলাশলৈ গৈছিল য’ত তেওঁ দ্বাৰ পালক হিচাপে মুখামুখী হৈছিল গণেশৰ ৷ পিতৃয়ে গণেশক আদেশ কৰিছিল সেই দ্বাৰেৰে যাতে তেওঁৰ অনুমতি অবিহনে কোনো ভিতৰলৈ যাব নোৱাৰে আৰু গণেশে পিতৃ আজ্ঞাকেই পালন কৰিছিল ৷
গণেশে বাধা দিয়াত পৰশুৰামৰ প্ৰচণ্ড খং উঠিছিল আৰু দুয়োৰে মাজত তয়াময়া ৰণ হৈছিল যি যুদ্ধত পৰশুৰামৰ হাতত গণেশ পৰাজিত হৈছিল ৷এই যুদ্ধত পৰশুৰামে তেওঁৰ কুঠাৰেৰে গণেশৰ এটা দাঁত ভাঙিছিল। এই ঘটনাৰ পিছৰ পৰাই গণেশৰ নতুন নাম হয় একদন্ত ৷ এই মন্দিৰত থকা গণেশ মূৰ্তিও সেইজন একদন্তৰেই মূৰ্তি ৷
এই গণপতি মন্দিৰ যিটো পৰ্বতত অৱস্থিত, তাৰ শিখৰত উপনীত হ’বলৈ হ’লে ৫ কিলোমিটাৰ অতি দুৰ্গম পথেৰে আৰোহণ কৰিব লাগিব।এই ট্ৰেকিঙৰ সময়ত ঘন অৰণ্য, বিশাল জলপ্ৰপাত, পুৰণি গছ আৰু ওখ শিল আদিও দেখা পাব। অৱশ্যে ইমান দুৰ্গম যদিও আজিও এই ঢোলক শৃংগত বহি থকা গণপতিৰ দৰ্শন কৰিবলৈ এই শৃংগত উপনীত হয় হাজাৰ হাজাৰ লোক ৷
সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ১৯৩৪ চনত এজন বিদেশী ভূগোলবিদে আৱিষ্কাৰ কৰিছিল এই প্ৰাচীন মন্দিৰ, তাৰ পিছত ২০১২ চনত দুজন সাংবাদিকে ট্ৰেকিং কৰি তাত উপস্থিত হৈ এই মন্দিৰৰ ছবি ভাইৰেল কৰিছিল। এই ঘটনাৰ পিছৰ পৰাই ইয়ালৈ মানুহৰ সোঁত বৃদ্ধি পাবলৈ ধৰিলে।