VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাটৰহাটত “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ৩ লেখক-লেখিকাৰ গ্ৰন্থ উন্মোচন

যি জাতিৰ স্বাভিমান নাথাকে, সেই জাতি জীয়াই থকাতকৈ মৃত্যু তুল্য : ড০ উপেন্দ্ৰজিৎ শৰ্মা

voicedesk by voicedesk
April 8, 2024
in মুখ্য সংবাদ
বাটৰহাটত “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ৩ লেখক-লেখিকাৰ গ্ৰন্থ উন্মোচন
0
SHARES
56
VIEWS
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ বিজয়নগৰৰ সমীপৰ বাটৰহাটস্থিত দুৰ্গা পূজা সভাঘৰ প্ৰাংগণত “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত লেখিকা চন্দ্ৰ প্ৰভা দেৱীৰ প্ৰবন্ধ সংকলন ” শব্দ তৰংগ”, পদ্মৰাম নাথৰ ইংৰাজী কবিতা সংকলন “Laughter And Pain” আৰু বিলাত চন্দ্ৰ কলিতাৰ কবিতা সংকলন “বিশ্ব সংসাৰ প্ৰীতিৰ ঘৰ” আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত শুভ উন্মোচন কৰা হয় । আদিতে অতি মাংগলিক পৰিৱেশৰ মাজত এটি গ্ৰন্থ টোপোলাৰ সমুখত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই । বিচিত্ৰ কুমাৰৰ পাৰ্বতী সংগীতেৰে আৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি বিশিষ্ট গীতিকাৰ-সাহিত্যিক, অৱসৰী প্ৰশাসনীক বিষয়া শচীন দাসে কয়- “প্ৰতিজন লেখক শব্দৰ খনিকৰ হ’ব লাগে । অনুশীলন, চৰ্চা, অধ্যয়ন থাকিলে মানদণ্ড যুক্ত সাহিত্য সৃষ্টি কৰিব পাৰি । বিশ্ববিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাৰ গীতত মাটি, মানুহৰ কথা বেছিকৈ সংপৃক্ত আছে । গ্ৰাম্য পটভূমিৰ ৰছনা থকা সাহিত্য যুগজয়ী ।” প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত পদ্মৰাম নাথৰ ইংৰাজী কাব্য সংকলন খনি উন্মোচন কৰি পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক, আইনজীৱী ড০ ৰোমান শৰ্মাই কয়- “ভাষা-সাহিত্যৰ সেৱা শ্ৰেষ্ঠ সেৱা।অসমীয়া সাহিত্য বিশ্ব পৰ্যায়লৈ ধাৱমান হৈছে । ন-প্ৰজন্মক সঠিক দিক্ নিৰ্ণায়ক হোৱাকৈ জ্যেষ্ঠ সকলে সাহিত্য সৃষ্টি কৰিব. লাগে ।” বিলাত চন্দ্ৰ কলিতাৰ কবিতা সংকলনটি উন্মোচন কৰি নগাঁওস্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত উপাচাৰ্য ড০ মৃণাল কুমাৰ বৰাই কয়- “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ব শ্ৰেষ্ঠ সাহিত্যিক । তেওঁৰ ৰচনা ৰাজি ইংৰাজী বা অন্যান্য বিদেশী ভাষালৈ
তৰ্জমা হ’লে নৱেল বঁটা পালেহেতেন । শংকৰদেৱক এটি ধৰ্মৰ ভিতৰত ধৰি ৰখাটো ভুল হৈছে । বিশ্বৰ প্ৰথমজন অংকিয়া নাটকৰ নাট্যকাৰ বুলি বিশ্বৰে বৰেণ্য বুদ্ধিজীবী, সাহিত্যিকসকলে কয় ।” চন্দ্ৰপ্ৰভা দেৱীৰ প্ৰবন্ধ সংকলনটি উন্মোচন কৰি মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মলিনা দেৱী ৰাভাই কয় – “বৰ সাৱলীল ধৰণেৰে আৰু সৰলতাৰে লিখা সাহিত্যই জগতত প্ৰতিষ্ঠা লাভ কৰে । ক্ষেত্ৰ অধ্যয়ন কৰি প্ৰবন্ধ লিখিলে মান বিশিষ্ট হয় ।” সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই অংশ লৈ কয়- “সাম্প্ৰতিক সময়ত গ্ৰন্থৰ সংখ্যা বাঢ়িছে । পাঠক তাকৰীয়া । আমি কিতাপ পঢ়া পঢ়ৱৈৰ সংখ্যা বঢ়াব লাগে । বৰ্তমান পৰিস্থিতি -পৰিৱেশ বৰ জটিল । যি জাতিৰ স্বাভিমান নাথাকে, সেই জাতি জীয়াই থকাতকৈ মৃত্য সমতুল্য । প্ৰতিজন অসমীয়াই নিজৰ মাতৃভাষা, সংস্কৃতিৰ ক্ষেত্ৰত স্বাভিমান বৰ্তাই ৰাখিবৰ কাৰণে অংগিকাৰ কৰিব লাগিব । প্ৰতিজন ব্যক্তিয়ে লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগীৰি ৰায় চৌধুৰী, কমলাকান্ত ভট্টাচাৰ্য আদিৰ জীৱন ধাৰণ অধ্যয়ন, তেওঁলোকৰ কৰ্মৰাজি নিজস্ব চিন্তাধাৰাৰে আগুৱাই নিব পাৰিব লাগিব । অসমৰ অস্তিত্ব সুদৃঢ় কৰাৰ বাবে প্ৰতিজন অসমীয়াই অহোপুৰুষাৰ্থ কৰিব লাগে । সজাগ আৰু সচেতনতাৰে ।”
সভাৰ বিশিষ্ট অতিথি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মাই কয়- সৃষ্টিশীল মন থকা লোকে ভাল কাম কৰিব পাৰে ।” সন্মানীয় অতিথি হিচাপে “আমাৰ অসম” কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই অংশ লৈ কয়- “বৰেণ্য সাংবাদিক হোমেন বৰগোহাঞিয়ে দক্ষিণ কামৰূপৰ পটভূমিত কেইবাটাও গল্প লিখিছিল । সাহিত্যিকে স্বৰ্গ সৃষ্টি কৰিব পাৰে । গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ, নাটক আদি সকলো সাহিত্য সৃষ্টিত ব্ৰতীসকলে মানসিক খাদ্য বুলি ভাৱে । পৃথিৱীখন ভবাতকৈ বেছি জোখত দৌৰিছে । সচেতন নাগৰিকসকলে সচেতনতাৰে ৰাইজক মাৰ্গ দৰ্শন দেখুৱাব লাগে ।” সভাত আমন্ত্ৰিত অতিথি হিচাপে গোৱালপাৰা জিলা সাহিত্য সভাৰ উপ-সভাপতি ড০ এম গোপাল সিংহ, বিশিষ্ট গীতিকাৰ-কন্ঠশিল্পী ডিজেন কাকতী, ছয়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ নগেন কলিতাই অংশ লয় । সভাত অৱসৰী অধ্যক্ষ দ্বয় নাৰায়ণ কুমাৰ দাস, কৈলাশ নাথ শৰ্মা, অৱসৰী অধ্যাপক ড০ বাণেশ্বৰ দাস, চান্দমাৰি সাহিত্য সভাৰ সম্পাদক দিলীপ বৰুৱা, পলাশবাৰী সাহিত্য সভাৰ সভাপতি গজেন দাস, সৰপাৰা সাহিত্য সভাৰ সভাপতি প্ৰবীণ দাস, ঝাৰোবড়ী সাহিত্য সভাৰ সভাপতি নীলমণি তালুকদাৰ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ কাৰ্য্যনিৰ্বাহ সদস্যা বুলু কুমাৰী বড়া, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, তিনিআলিস্থিত বৃন্দাৱতী হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক লালমোহন চৌধুৰী, দহালী-কৰ্কা হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক অনন্ত ৰাম নাথ, সাতপখলী মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মন্টু মালী প্ৰভৃতি বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

Previous Post

কেৰালা ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছেনে? কোনটো সময় কেৰালা ভ্ৰমণৰ বাবে আদর্শ সময় ?

Next Post

বোকাখাতত নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰা-চাইক্লিষ্ট ৰাকেশ বণিক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বোকাখাতত নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰা-চাইক্লিষ্ট ৰাকেশ বণিক

বোকাখাতত নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰা-চাইক্লিষ্ট ৰাকেশ বণিক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7