বৰ্তমান সময়ত ৰাজ্যখনৰ নতুন প্ৰজন্মক গ্ৰাস কৰিবলৈ ধৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ অথবা ড্ৰাগছ মাফিয়া সকলৰ পৰা ৰাজ্যখনক ৰক্ষা কৰাৰ উদ্দেশ্যেৰে দেশৰ প্ৰশাসনে শেহতীয়াকৈ এক নতুন প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে যাৰ ফলত অসমত ঘটি থকা ড্ৰাগছ কেন্দ্ৰীক ঘটনা বা অপৰাধবোৰৰ বিষয়ে সকলো অৱগত হ’ব আৰু প্ৰশাসনেও বিশেষ ব্যৱস্থা হাতত ল’ব পাৰিব আৰু সেয়েহে শেহতীয়াভাৱে ৰাজ্যত মুকলি কৰা হ’ল Drugs free Assam নামৰ এটা ম’বাইল এপ ৷ ৰাজ্য খনক ড্ৰাগছ মুক্ত কৰাৰ লক্ষ আগত ৰাখি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিছে এই বিশেষ এপ টো ৷ যাৰ ফলত অসমৰ সাধাৰণ জনতাইও ড্ৰাগছ বিষয়ক কিবা সম্ভেদ পালে এই এপটোৰ জৰিয়তে প্ৰশাসনক জনাব পাৰিব অথবা ড্ৰাগছৰ বিৰুদ্ধে অভিযোগো দাখিল কৰিব পাৰিব বুলি জানিব পৰা গৈছে৷৷
শেহতীয়াকৈ দুৰ্ঘটনাত প্ৰাণ হেৰুৱা দেশৰ ‘চিফ্ অৱ ডিফেন্স ষ্টাফ’ বিপিন ৰাৱটৰ নামত উচ্ছৰ্গা কৰা হৈছে এই এপটো ৷