ড্ৰাগছৰ গোচৰত শ্বাহৰুখ খানৰ পুত্ৰ অৰিয়ান খানক গ্ৰেপ্তাৰৰ ঘটনাই লৈছে নতুন মোৰ। উৎকোচৰ বাবেই অৰিয়ানক গ্ৰেপ্তাৰ কৰা বুলি উথাপন হোৱা অভিযোগক লৈ বিপদত পৰিব পাৰে এন চি বিৰ মাণ্ডলিক সঞ্চালক সমীৰ ৱাংখেৰে। অৰিয়ানক গ্ৰেপ্তাৰ কৰি ২৫কোটি উৎকোচ লব বিচৰাৰ ষড়যন্ত্ৰত বিষয়াজন লিপ্ত থকাৰ অভিযোগৰ আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছে এন চি বিয়ে। এন চি বিৰ উত্তৰ অঞ্চলৰ উপ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ সিঙক দিয়া হৈছে এই তদন্তৰ ভাৰ। ইতিমধ্যে তদন্তৰ বাবে মুম্বাইত উপস্থিত হৈছে সিং। উল্লেখযোগ্য যে গোচৰটোৰ সাক্ষী প্ৰভাকৰ ছেইলে এখন শপতনামাৰ জৰিয়তে আদালতত প্রকাশ কৰিছিল যে অৰিয়ানক এন চি বিৰ কাৰ্য্যালয়লৈ অনাৰ পিছতে ফোনযোগে ২৫ কোটি টকাৰ বিনিময়ত গোচৰতো মীমাংসা কৰাৰ বাবে দৰ দাম আৰম্ভ হৈছিল। ইয়াৰে ৮ কোটি টকা সমীৰ ৱাংখেৰেক দিয়াৰ কথা আছিল বুলিও ছেইলে উল্লেখ কৰিছে। ইয়াৰ পাছতে সমগ্ৰ ঘটনাই নতুন মোৰ লয়। এন চি বিয়ে সাক্ষী জনৰ শপতনামা খাৰিজ কৰিবলৈ আদালতত আবেদন দাখিল কৰিছিল যদিও আদালতে এন চি বিৰ প্রাৰ্থনা নাকচ কৰে। ইয়াৰ লগতে সমগ্ৰ অভিযোগৰ তদন্ত আৰম্ভ কৰে এন চি বিয়ে। অৱশ্যে ৱাংখেৰে এই অভিযোগ নাকচ কৰি এয়া তেঁওৰ প্ৰতিচ্ছবি জনমানসত হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা বুলি দাবী কৰিছে। উল্লেখ্য যে ২ অক্টোবৰত এখন বিলাসী ক্ৰুইজত অভিযান চলাই অৰিয়ানসহ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰৰ পাছত জামিন বিচাৰি আবেদন দাখিল কৰিছে যদিও সেইয়া নামঞ্জুৰ কৰা হৈছে। বৰ্তমান অৰিয়ান মুম্বাইৰ আৰ্থাৰ ৰোড জেলত বন্দী হৈ আছে।