চিডনীৰ পৰা দিল্লী অভিমুখী এখন বিমানে যাত্ৰা আৰম্ভ কৰাৰ পিছতেই মাজ আকাশতেই হঠাৎ অসুস্থ হৈ পৰিল এজন যাত্ৰী ৷ যাৰ বাবে ক’লকাতা বিমান বন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয় বিমানখনে ৷ তথাপি যাত্ৰী গৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ নহ’ল চিকিৎসকসকল ৷
বুধবাৰে পুৱা ৯.৪৫বজাত এয়াৰ ইণ্ডিয়াৰ এ আই ৩০১ বিমানখনে চিডনীৰ পৰা ১৫৯জন বিমান যাত্ৰী আৰু ৯জন কেবিন ক্ৰূৰ সৈতে দিল্লী অভিমুখে আৰম্ভ কৰিছিল যাত্ৰা ৷ কিন্তু যাত্ৰাপথতে হঠাং অসুস্থ হৈ পৰিল কূলদীপ সিং নামৰ যাত্ৰীগৰাকী যাৰ বাবে ক’লকাতত জৰুৰী অৱতৰণ কৰিছিল বিমানখনে ৷ ক’লকাতা বিমান বন্দৰত ৪.৪৫বজাত বিমানখনে অৱতৰণ কৰাৰ পিছত যাত্ৰী গৰাকীক বিমানবন্দৰৰ চিকিৎসা কৰ্তৃপক্ষই প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও পৰৱৰ্তী সময়ত তেওঁক ক’লকাতাৰ এখন বেচৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে ৫০বছৰীয়া কূলদীপ সিঙৰ ৰক্তচাপ নিম্নগামী হয় ৷ যাৰ ফলত অক্সিজেন দিয়াৰ পিছত বিভিন্ন পৰীক্ষা কৰোৱা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু ৰাতিয়েই তেওঁ মৃত্যুক আকোঁৱালি লয় ৷ তেওঁৰ মৃত্যুৰ পিছত বিমান কৰ্তৃপক্ষই তেওঁৰ পৰিয়াললৈ এই দুখজনক বাৰ্তা প্ৰেৰণ কৰে ৷