ৰাজস্থানৰ পৰা লংকালৈ অহা এটা বিবাহযাত্ৰীৰ দল আলহী হ’বলগীয়া হ’ল ৰঙাঘৰৰ ৷ এগৰাকী নাবালিকাক বিয়া পাতিবলৈ আহিছিল নাবালিকাৰ দলটো ৷ নাবালিকা গৰাকীৰ সম্বন্ধীয় এজন লোকৰ সহযোগত ৰাজস্থানৰ পৰা আহিছিল লোকেইজন ৷ কিন্তু নাবালিকা গৰাকীৰ মাতৃবা এই বিবাহৰ বাবে সন্মতি প্ৰকাশ কৰা নাছিল ৷ ইয়াকে লৈ লংকাৰ নাবালিকা গৰাকীৰ ঘৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হোৱাত বিবাহযাত্ৰীৰ দলটো পলায়নৰ চেষ্টা কৰে ৷ পৰৱর্তী সময়ত আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে ৷
স্থানীয় লোকসকলে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি মাতৃয়ে সন্মতি প্ৰদান নকৰাৰ পাছতো জোৰ জৱৰদস্তি নাবালিকা গৰাকীক বিয়া পাতিব বিছিৰিছিল ৰাজস্থানৰ পৰা অহা দৰাই ৷ দৰাসহ ৭ জন লোক আছিল বিবাহযাত্ৰীৰ দলটোত ৷ এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে