গাড়ীৰ খুন্দাত পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মত্যু হ’ল বন্যজীৱৰ ৷ উদ্যানখনৰ দক্ষিণ দিশেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ঘটনা ৷ তীব্ৰ বেগী বাহনৰ খুন্দাত বুঢ়াপাহাৰৰ এনিমেল কৰিডৰত দুষ্প্ৰাপ্য টুপিমুৰীয়া বান্দৰৰ মৃত্যু হৈছে ৷
এই ঘটনা সংঘটিত কৰিয়েই অচিনাক্ত বাহনখন পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত নগাঁও জিলা পৰিবহণ বিভাগৰ ইন্টাৰচেপ্টৰ বাহন উপস্থিত হৈ বান্দৰৰ মৃতদেহটো উদ্ধাৰ কৰি বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে, কাজিৰঙাৰ ৰাজপথত যানবাহনৰ গতীবেগ নিয়ন্ত্ৰণ কৰিবলৈ সংস্থাপন কৰা চেঞ্চৰ কেমেৰাসমূহ দীৰ্ঘদিন ধৰি বিকল হৈ আছে। আনহাতে, ৰাজপথৰ যান-বাহনৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ অত্যন্ত গুৰুত্বপূৰ্ণ এই কেমেৰাসমূহ মেৰামতি কৰাৰ বাবে বনবিভাগৰ হাতত পুঁজিৰ অভাৱ বুলিও ইতিমধ্যে স্বীকাৰ কৰিছে৷ কেমেৰা বিকল হোৱাৰ ফলত কাজিৰঙাৰ ৰাজপথত তীব্ৰ বেগী বাহনৰ খুন্দাত বহু বন্যপ্ৰাণীৰ মৃত্যু হৈছে ৷