বৰ্তমান সময়ত কম্পিউটাৰ বা মোবাইলে কিতাপৰ ঠাই অধিকাৰ কৰিছে। কিতাপৰ প্ৰতি কম হৈ আহিছে মানুহৰ হাবিয়াস। কিন্তু তেনে সময়তে কিতাপ পঢ়াৰ এক আন্দোলনৰ সূচনা কৰিছে যেন এটি পুথিভঁৰালে ।
প্ৰেৰণা পুথিভঁড়াল নামৰ এই পুথিভঁৰালটোৰ আছে বহু পঢ়ুৱৈ।তেনে এগৰাকী পঢ়ুৱৈৰ কথা ব্যক্ত কৰি সামাজিক মাধ্যম ফেচবুকত কেইখনমান আলোকচিত্ৰ সহ সবিশেষ ব্যক্ত কৰিছে প্ৰেৰণা পুথিভঁড়ালৰ প্ৰতিষ্ঠাপক, মুখ্য পৰিচালক তথা দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ প্ৰবক্তা দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । পঢ়ুৱৈ গৰাকীৰ নাম মুকুল শৰ্মা বুলি উল্লেখ কৰি তেওঁ লিখিছে যে পঢ়ুৱৈ গৰাকীয়ে চকুৰে ভালকৈ নমনে । ৰাতি একেবাৰেই নেদেখে । দিনৰ পোহৰত কিতাপখন চকুৰ একেবাৰে কাষলৈ নিলেহে আখৰ চিনি পায় । তেনেকৈয়ে তেওঁ পঢ়ি গৈছে ইখনৰ পাছত সিখন কিতাপ ।
দুদিন আগলৈকে তেওঁ দুয়োহাতত দুটা ভৰ্তি মোনা লৈ ৰাষ্টাই ৰাষ্টাই চাধা, বিড়ি, চিগাৰেট, চিখৰ, তামোল-পান, চকলেট, চাবোন, চাৰ্ফ, বিস্কুট আদি ফেৰি কৰি ফুৰিছিল । বৰ কষ্টৰ কাম । কিন্তু মুখত হাঁহি থাকেই ।
কিন্তু তেওঁ ক’ৰবাত অলপ বহিলেই কিতাপ এখন উলিয়াই লয় । চকুৰ কাষলৈ নি জুটি জুপি পঢ়ে । ঘৰৰ পৰা চাৰি কি.মি. নিলগৰ এই পুথিভঁড়ালটোলৈ প্ৰায় প্ৰতি দেওবাৰে আহে । আন বাৰতো কেতিয়াবা আহে ।
মুকুল শৰ্মাৰ আৰু এটা চিনাকি আছে । তেওঁ তবলা বজায় । পুথিভঁড়ালৰ ক্ষেত্ৰীধৰ্মপুৰ শাখাৰ উদ্বোধনতো তেৱেঁই তবলা বজাইছিল । তাৰোপৰি তেওঁ নাগাৰাও ভাল বজায় ।
তেওঁ সততে আনক সহায় কৰাৰ চেষ্টাত থাকে । উপযাচিও সহায় কৰিবলৈ চায় । ধনী-দুখীয়া সকলোকে তেওঁ সহায় কৰে । পুথিভঁড়ালৰ পৰা পাঠ্যপুথি আৰু অন্যপুথিও নি নি আনক দিয়ে আৰু ঘূৰাই আনে ।
মাক আৰু মুকুলৰ এখন সুখৰ সংসাৰ । আকালো নাই, ভড়ালো নাই । মুকুলৰ ঘৰ চামতাৰ হাতীৰপিঠিত । বৰ্তমানে তেওঁ চামতা মটৰষ্টেণ্ডত এখন টেবুলতে দোকানখন দিছে ।
কাষৰে এখন দোকানলৈ যাওঁতে দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই মুকুলক তেওঁৰ দোকানখনত গ্ৰাহক নথকা অৱস্থাত কিতাপ পঢ়ি থকা দেখিলে আৰু তেওঁ গম নোপোৱাকৈ মুহূৰ্তকেইটা ধৰি ৰাখিলে তেওঁৰ কেমেৰাত ।
দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ মতে অইন যি কি নহওক, পুথিভঁড়াল এটাৰ মূল কাম পঢ়ুৱৈ সৃষ্টি আৰু সেয়েহে এনে পঢ়ুৱৈ সদায় সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ ।
প্ৰেৰণা পুথিভঁড়ালৰ এই আন্দোলন সফল হওঁক ।যান্ত্ৰিকতাৰ পৃথিৱীৰ মোহ এৰি নৱ প্ৰজন্ম ডুব যাওঁক গ্ৰন্থৰ পৃথিৱীত সেয়াই আমাৰো একান্ত কামনা