VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সঁচাকৈয়ে আহি আছে নেকি তুষাৰ যুগ? সঁচাকৈয়ে তুষাৰ যুগৰ সন্মুখীন হ’ব নেকি পৃথিৱীৰ এক বৃহৎ অংশ?

সমগ্ৰ বিশ্বতে দেখা যাব এক গুৰুতৰ ‘কেছকেডিং ইফেক্ট’

voicedesk by voicedesk
February 16, 2024
in মুখ্য সংবাদ
সঁচাকৈয়ে আহি আছে নেকি তুষাৰ যুগ? সঁচাকৈয়ে তুষাৰ যুগৰ সন্মুখীন হ’ব নেকি পৃথিৱীৰ এক বৃহৎ অংশ?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ এবছৰ বাকী, আহি আছে তুষাৰ যুগ!যেতিয়া গোটেই পৃথিৱীখন আবৃত হৈ পৰিব বৰফেৰে৷
আমি যেন ক্ৰমাৎ স্বচক্ষে স্পষ্ট ৰূপত প্ৰতক্ষ কৰিছোঁ জলবায়ু পৰিৱৰ্তনৰ এক বিধ্বংসী প্ৰভাৱ । যাৰ অন্যতম অশুভ সংকেত হ’ল বিশ্বজুৰি হোৱা দ্ৰুত হিমবাহ। এসময়ত এই বৰফৰ নদীবোৰ চিৰন্তন এনেদৰেই বৈ থাকিব বুলি ভবা হৈছিল, ভবা হৈছিল যে সেইবোৰ কেতিয়াও গলি নাযায়। কিন্তু, এতিয়া উষ্ণতা বৃদ্ধিৰ ফলত ব্যাপকভাৱে গলিবলৈ ধৰিছে এই বৰফৰ নদীবোৰ ।যিয়ে সমগ্ৰ বিশ্বত সৃষ্টি কৰিছে এক অস্তিত্ব সংকটৰ ।
টি.ভি.এন.বাংলা নামৰ এক সংবাদ মাধ্যমৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এতিয়ালৈকে আমাৰ হাতত মাত্ৰ কিছু সময়হে আছে বুলি ভবা হৈছিল ৷ শেহতীয়াকৈ ‘নেচাৰ কমিউনিকেশ্যন’ নামৰ আলোচনীত প্ৰকাশিত এক গৱেষণা পত্ৰত দাবী কৰা হৈছে যে হিমবাহৰ দ্ৰুত গলনাংকৰ ফলত ২০২৫ চনৰ ভিতৰত বন্ধ হৈ যাব পাৰে গালফ ষ্ট্ৰিম বা উপসাগৰীয় সোঁত আৰু এই সোঁত বন্ধ হোৱাৰ লগে লগেই তুষাৰ যুগৰ সন্মুখীন হ’ব উত্তৰ গোলাৰ্ধৰ এক বৃহৎ অংশ।

উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশত গালফ ষ্ট্ৰিম বা উপসাগৰীয় সোঁত গঠন হয়। মেক্সিকো উপসাগৰৰ পৰা অহা এই উষ্ণ সাগৰীয় সোঁত ফ্ল’ৰিডাৰ উপকূলৰ কাষেৰে উত্তৰ দিশলৈ বৈ যায় আৰু উত্তৰ কেৰ’লিনাৰ পৰা পূব দিশলৈ ঘূৰি আটলাণ্টিকৰ ওপৰেৰে উত্তৰ-পূব দিশলৈ বৈ যায়। আনহাতে এই সোঁতে উত্তৰ দিশলৈ কঢ়িয়াই লৈ যায় উষ্ণ, নিমখীয়া পানী । গ্রীষ্মমণ্ডলীয় অঞ্চলৰ পৰা উচ্চ অক্ষাংশৰ অঞ্চলসমূহলৈ বোঁৱাই আনে তাপ । অৰ্থাৎ এই সোঁতে এইদৰেই উত্তৰ আটলাণ্টিক অঞ্চলৰ জলবায়ু নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাকৃতিক তাপ পৰিবাহী বেল্টৰ কাম কৰে ইয়াৰ উষ্ণ পানীয়ে ।যি বিষুৱৰেখাৰ পৰা মেৰু অঞ্চললৈ তাপ পৰিবহণ কৰে।আনহাতে সেই পথৰ দাঁতিকাষৰীয়া অঞ্চলবোৰৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ পেলায়।
সেয়েহে যেতিয়া এই সোঁত বন্ধ হ’ব, তেতিয়াই ভয়ংকৰ শীতকালৰ সন্মুখীন হ’ব উত্তৰ গোলাৰ্ধৰ এক বিশাল অংশ ।উল্লেখনীয় যে উপসাগৰীয় প্ৰবাহৰ উষ্ণতা বৃদ্ধি অবিহনে উত্তৰ আমেৰিকা, এছিয়া আৰু ইউৰোপৰ কিছু অংশৰ গড় উষ্ণতা দশক দশকৰ ভিতৰত স্বাভাৱিকতকৈ ১৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ্ৰাস পাব পাৰে বুলি বিজ্ঞানীসকলে বিশ্বাস কৰে।সেয়েহে তেওঁলোকে আশংকা কৰে যে অতি শীঘ্ৰেই সমগ্ৰ বিশ্বতে এক গুৰুতৰ ‘কেছকেডিং ইফেক্ট’ দেখা যাব। অৰ্থাৎ সমগ্ৰ বিশ্বতে সৃষ্টি হ’ব পাৰে এক ক্ৰমাগত বিপৰ্যয়ৰ । সঘনাই অহা ধুমুহা, অত্যধিক বৰষুণ বা বৰষুণৰ অভাৱত শস্যৰ ভয়াৱহ ক্ষতি হোৱাৰ লগতে উত্তৰ আমেৰিকাৰ পূব উপকূলত বৃদ্ধি পোৱা সাগৰৰ জলপৃষ্ঠই ইটোৰ পিছত সিটোকৈ আঘাত হানিব মানৱ সভ্যতাত ।

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি যদিহে বিশ্বজুৰি কাৰ্বন নিৰ্গমন হ্ৰাস নহয় তেন্তে ২০২৫ চনৰ পৰা ২০৯৫ চনৰ ভিতৰত গালফ ষ্ট্ৰিম বন্ধ হ’ব পাৰে আশংকা কৰা হৈছে। অৱশ্যে বিজ্ঞানীসকলৰ মতে এই সময়সীমা ২০৫০ চনতকৈ অধিক নহ’ব। এই গৱেষণাৰ নেতৃত্ব দিছিল ডেনমাৰ্কৰ কোপেনহেগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক পিটাৰ ডেটলভচেনে।
তেওঁ কয় যে ই আমাৰ বাবে এক গভীৰ চিন্তাৰ কাৰণ আছে।কাৰণ এক অতি শীঘ্ৰেই এক বৃহৎ পৰিৱৰ্তন হ’ব। কাৰণ ১২ হাজাৰ বছৰ ধৰি কেতিয়াও বন্ধ হোৱা নাই এই স্ৰোত ।
উল্লেখযোগ্য যে এই অধ্যয়নত ব্যৱহাৰ কৰা হৈছিল ১৮৭০ চনৰ সাগৰ পৃষ্ঠৰ উষ্ণতাৰ তথ্য । সেই সময়ত সমাপ্তি ঘটিছিল এক সৰু তুষাৰ যুগৰ । পৰৱৰ্তী সময়ত সেই তথ্য ব্যৱহাৰ কৰি গৱেষকসকলে গালফ ষ্ট্ৰিমৰ ভৱিষ্যত নিৰ্ণয় কৰে। কিন্তু যদি এই উপসাগৰীয় সোঁত বন্ধ হয় বা লেহেমীয়া হয় তেন্তে আমি চৰম পৰিস্থিতিৰ সন্মুখীন হ’ম। কৃষি, আন্তঃগাঁথনি আৰু জনস্বাস্থ্যৰ বাবে যাৰ পৰিণতি হ’ব পাৰে বিধ্বংসী ৷
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এই প্ৰক্ৰিয়াত যদি সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পায় তেন্তে ডুব যাব পৰা পৃথিৱীৰ বিভিন্ন চহৰৰ তালিকাত আছে ভাৰতৰ অন্যতম চহৰ কলকাতাৰ নাম ।

Previous Post

ৰাজ্যৰ শাক-পাচলিত বৰবিহ , ব্যৱহাৰ হৈছে নিষিদ্ধ কীটনাশক মন’ক্ৰ’ট’ফ’ছ, জিলা কৃষি বিষয়াক ব্যৱস্থা গ্ৰহণৰ নির্দেশ

Next Post

আয়কৰ বিভাগৰ লক্ষ্য কংগ্ৰেছ, ২১০ কোটি টকাৰ কৰ গোচৰত জব্দ কৰা হ’ল বেংক একাউণ্ট

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আয়কৰ বিভাগৰ লক্ষ্য  কংগ্ৰেছ, ২১০ কোটি টকাৰ কৰ গোচৰত জব্দ কৰা হ’ল  বেংক একাউণ্ট

আয়কৰ বিভাগৰ লক্ষ্য কংগ্ৰেছ, ২১০ কোটি টকাৰ কৰ গোচৰত জব্দ কৰা হ’ল বেংক একাউণ্ট

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7