VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নেতাজীৰ মৃত্যু ৰহস্যক লৈ প্ৰখ্যাত গৱেষকৰ বিশেষ অনুষ্ঠান

আঠ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৩ কোটি ২০ লাখ টকাৰ গ্ৰন্থ

voicedesk by voicedesk
January 5, 2023
in মুখ্য সংবাদ
নেতাজীৰ মৃত্যু ৰহস্যক লৈ প্ৰখ্যাত গৱেষকৰ বিশেষ অনুষ্ঠান
0
SHARES
35
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী,৫ জানুৱাৰীঃ “নেতাজী সুভাষ চন্দ্ৰ বসু নাথাকিলে ভাৰতে স্বাধীনতা লাভ নকৰিলেহেঁতেন ৷নেতাজীয়ে আমাক স্বাধীনতা আনি দিছিল ৷ কিন্তু স্বাধীনতা আন্দোলনৰ শেষ পৰিনতিৰ প্ৰেক্ষাপটৰ পৰা আৰু স্বাধীন ভাৰতৰ জনমানসৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম কৌশলেৰে মচি পেলোৱা হৈছিল ৷ অথচ নেতাজী আছিল ৯খনকৈ দেশে স্বীকৃতি দিয়া অবিভক্ত ভাৰতৰ প্ৰথম গৰাকী আনুষ্ঠানিক প্ৰধানমন্ত্ৰী ৷ আজাদ হিন্দ ফৌজৰ সামৰিক উত্থানেৰে সুভাষ বসুৱে ব্ৰিটিছৰ বুকুত আৰু ভেটিত আচল কঁপনি তুলিছিল ৷ এই উত্থান দেখিয়ে ব্ৰিটিছে ভাৰত এৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু তেওঁৰ মৃত্যু ৰহস্যক অধিক ৰহস্যঘন কৰি ৰখা হ’ল ৷ স্বাধীনোত্তৰ সময়ত তেওঁৰ অৱদানক ধুৱলীকুৱলী কৰি দিয়া হৈছিল নেকি কৌশলেৰে— এয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷”

—এই মন্তব্য নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু ৰহস্যৰ বিষয়ে বিস্তৃত গৱেষণা কৰা কলকাতা নিবাসী প্ৰখ্যাত লেখক চন্দ্ৰচূড় ঘোষৰ ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি এনেদৰে কয় তেওঁ ৷ সন্ধিয়া ৬ বজাত আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘোষে বিষয়ৰ প্ৰসংগৰে কয় যে নেতাজীৰ অসমৰ প্ৰতি আছিল প্ৰচুৰ আন্তৰিকতা ৷

কংগ্ৰেছৰ “ৰাষ্ট্ৰপতি” হৈ থকা সময়ত শ্বিলঙত উপস্থিত হৈ এককভাৱেই উদ্যোগ গ্ৰহণ কৰি নেতাজীয়ে গোপীনাথ বৰদলৈৰ নেতৃত্বত ১৯৩৮ চনত অসমৰ চৰকাৰ গঠন কৰিছিল ৷ সেইবাবেই পৰৱৰ্তী সময়ত পূৰ্ব পাকিস্তানৰ অন্তৰ্ভূক্ত হোৱাৰ পৰা ৰক্ষা পৰিছিল অসম ৷তেওঁ লগতে কয়—“নেতাজীৰ মৃত্যু ৰহস্য বিশ্বৰ অন্যতম চাঞ্চল্যকৰ আৰু দীঘলীয়া ৰহস্য ৷ তেওঁৰ জীৱন পৰিক্ৰমাই এক ৰহস্য ৷ তেওঁক যেন ইয়াৰ আচিলাতে ৰহস্য মাত্ৰ কৰি ৰখা হ’ল ৷” তেওঁ নেতাজীৰ মৃত্যু ৰহস্যৰে সম্পৰ্কিত ফৈজাবাদৰ গুমনামী বাবা নাইবা ভগৱানজীৰ বিষয়েও বিস্তাৰিত আলোচনা আগবঢ়ায় ৷ দৃশ্যশ্ৰাব্য মাধ্যম ব্যৱহাৰ কৰি ঘোষে নেতাজীৰ মৃত্যু ৰহস্যৰ বহু অজানা তথ্য মুকলি কৰে ৷এই অনুষ্ঠান পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক, সঁফুৰা আলোচনীৰ সম্পাদক ৰূপম বৰুৱা আৰু কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট লেখক ড° প্ৰশান্ত চক্ৰৱৰ্তীয়ে ৷ইপিনে গ্ৰন্থমেলাত আয়োজিত “উন্মীলন” শীৰ্ষক যুৱ লেখকৰ আকৰ্ষণীয় অনুষ্ঠানটি উদ্বোধন কৰে মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত, কবি পাৰ্থ সাৰথি মহন্তই ৷ তেওঁ কয়—“মাতৃভাষা নাজানোঁ বুলি কোৱাটো লজ্জানক ৷ মাতৃভাষাত পঢ়াশুনা কৰা, লিখা, কিতাপ প্ৰকাশ কৰাটোহে গৌৰৱৰ বিষয় ৷

অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি তৰুণসকলৰ ওপৰতে নিৰ্ভৰ কৰিব ৷ এয়াই নিয়ম ৷ শুদ্ধকৈ আৰু দায়ৱদ্ধতাৰে অসমীয়া ভাষা ব্যৱহাৰ আৰু চৰ্চা কৰা উচিত ৷ নিজৰ ভাষাক লৈ সকলোৱে গৌৰৱ কৰিব লাগে ৷ ” অনুষ্ঠানটি পৰিচালনা কৰে জ্যেষ্ঠ সাংবাদিক-লেখক নৱ ঠাকুৰীয়াই ৷ যুৱ লেখকসকলক উদ্দেশ্যি তেওঁ কয়—“কেৱল ভাষাই জাতি গঠন নকৰে ৷ ভাষাৰ লগতে সংস্কৃতিও থাকিব লাগিব ৷ অসমীয়া ভাষা এটা সমৃদ্ধ ভাষা ৷ সাহিত্যৰ চৰ্চাই এয়া অধিক সমৃদ্ধ কৰি ৰাখিছে ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱে ১২০ বছৰ জীয়াই আছিল ৷ সকলো অসমীয়া মানুহে ১২০ বছৰ জীয়াই থকাৰ কছৰৎ কৰিব লাগে ৷ ইয়াৰ ফলত সুস্থ সুশীল জীৱনশৈলী গঢ় লৈ উঠিব আৰু সমাজ-জীৱনো সুন্দৰ হ’ব ৷“

ইয়াত অংশগ্ৰহণ কৰে দ্বীপজ্যোতি ডেকা, মনস্বিনী মহন্ত, ইন্দ্ৰনীল গায়ন,বিজিত ৰামচিয়াৰী, বিতোপন দাও, অৰূপৰাজ কলিতা, দীপাংকৰ বৰুৱা, নীলম গগৈ, অৰ্হনা শইকীয়া, গুণোজিৎ দাস, দেৱজিৎ কলিতা, সৃঞ্জনা শৰ্মা, হৰ্ষিতা হিয়া, সঞ্জীৱনী শইকীয়া, অংকিতা ভৰদ্বাজ, নয়নজ্যোতি শৰ্মা, বিৰিঞ্চি মহন্ত, উৎপল ডেকা আদি ভাষা-সাহিত্য-সংস্কৃতিৰ বিভিন্ন দিশত কাম কৰি থকা যুৱ লেখকসকলে ৷উল্লেখ্য যে চানমাৰি বাকৰিৰ গ্ৰন্থোৎসৱত আজি অষ্টম দিনাও জনস্ৰোতৰ সৃষ্টি হয় ৷

এইবেলি অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীৰ হাৰেও অভিলেখ গঢ়িব বুলি উৎসাহেৰে আশা প্ৰকাশ কৰিছে প্ৰকাশন গোষ্ঠী সমূহে ৷ যোৱা ২৯ ডিচেম্বৰৰ পৰা আজি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ৩কোটি ২০ লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷সন্ধিয়া মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী ৷ আজি সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক আকাশ আদিত্য লামাই ৷

#নতুন গ্ৰন্থ সম্ভাৰ#

গ্ৰন্থমেলাৰ বিপণী সমূহ দিনে দিনে বিভিন্ন নতুন কিতাপেৰে ভৰি পৰিছে ৷ কালিৰে পৰা গ্ৰন্থমেলাত উপলব্ধ হৈছে “অসম পাব্‌লিচিং কোম্পানী”য়ে প্ৰকাশ কৰা তিনিখন বিশ্ববিখ্যাত গ্ৰন্থৰ অসমীয়া অনুবাদ সংস্কৰণ ৷ গ্ৰন্থকেইখন হৈছে “বেষ্ট অৱ বুকাৰ/বুকাৰ অৱ বুকাৰছ” পুৰষ্কাৰেৰে সন্মানিত ছালমান ৰুশ্বডিৰ “মিডনাইটছ চিলড্ৰেন“ৰ প্ৰশান্ত দত্তই কৰা অসমীয়া অনুবাদ সংস্কৰণ , ন’বেল বঁটা প্ৰাপ্ত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ “তৰ্কপ্ৰিয় ভাৰতীয়”ৰ ড° হেমন্ত ডেকাই কৰা অসমীয়া অনুবাদ সংস্কৰণ আৰু শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী “প্লেয়িং ইট মাই ৱে”ৰ “শচীন তেণ্ডুলকাৰঃ সপোনৰ পম খেদি” শিৰোনামেৰে বৰীয়া মজুমদাৰৰ সৈতে অশ্বিনী বেজবৰুৱাই কৰা অসমীয়া অনুবাদ সংস্কৰণ ৷

তদুপৰি সঞ্জীৱনী প্ৰকাশনে প্ৰকাশ ৰৰা অভিজিত শৰ্মা বৰুৱাৰ “দেউতাৰ হাঁহি আৰু অন্যান্য গল্প”, অমৰ বৰাৰ “নাহৰ”, শান্তনু কৌশিক বৰুৱাৰ “সংক্ষিপ্ত অসম বিশ্বকোষ” (প্ৰথম খণ্ড), ষ্টুডেণ্ট হউচে প্ৰকাশ কৰা জিন্তু গীতাৰ্থৰ “সিহঁতৰ পৃথিৱী” ,“ নিৰ্বাচিত অসমীয়া কুইয়ৰ গল্প” , অবাকে প্ৰকাশ কৰা প্ৰাঞ্জল মজুমদাৰৰ “শৰাইঘাটৰ শেষ ৰণ আৰু ভাষা সংকট” ,সাঁকোৱে প্ৰকাশ কৰা প্ৰিয়ম আদিত্যই ৰচনা কৰা চন্দ্ৰশেখৰ আজাদৰ জীৱনভিত্তিক গ্ৰন্থ “আজাদ” আদি গ্ৰন্থমেলাত উপলব্ধ হৈছে ৷

Previous Post

নগাঁৱৰ আৰ্ট ভিলেজত প্ৰিয়বন্ধু উন্মোচনী অনুষ্ঠান সম্পন্ন

Next Post

১৪ৰ পৰা ১৯জানুৱাৰীলৈ নগাঁৱৰ নেহৰুবালিত ভোগালী বিহু উৎসৱৰ আয়োজন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
১৪ৰ পৰা ১৯জানুৱাৰীলৈ নগাঁৱৰ নেহৰুবালিত ভোগালী বিহু উৎসৱৰ আয়োজন

১৪ৰ পৰা ১৯জানুৱাৰীলৈ নগাঁৱৰ নেহৰুবালিত ভোগালী বিহু উৎসৱৰ আয়োজন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7