উৎকোচ নল’লে যেন থাকিব নোৱাৰে চৰকাৰী কর্মচাৰী ৷ নিতৌ দুর্নীতি নিবাৰকে অভিযানচলায় এজনৰ পাছত আন এজন কর্মচাৰীক গ্ৰেপ্তাৰ কৰিলেও কার্যালয়ৰ কাম কৰাৰ বাবদ হাত পাতিবলৈ এৰা নাই একাংশ চৰকাৰী কর্মচাৰীয়ে ৷ আজি পুনৰ উৎকোচ লৈ দুর্নীতি নিবাৰকৰ জালত পৰিল দুজনকৈ চৰকাৰী কর্মচাৰী ৷
লখিমপুৰ জলসম্পদ চক্ৰৰ মুৰব্বী সহায়ক তৰুণ চন্দ্ৰ মৰাঙৰ লগতে কণিষ্ঠ সহায়ক সমৰজ্যোতি শইকীয়াক দুর্নীতি নিবাৰকে গ্ৰেপ্তাৰ কৰিছে ৷ ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ নামত দুয়োজনে ধন দাবী কৰি বহু লোকক হাৰাশাস্তি কৰি আিছিল ৷ উৎকোচ নিদিলে দুই ধৃত কর্মচাৰীয়ে কোনো কামেই কৰি নিদিছিল বুলিও অভিযোগ উত্থাপন হৈ আহিছে ৷