এক আচৰিত খবৰ!
ব্ৰাজিলত ভুলবশতঃ জীৱিত অৱস্থাত সমাধিস্থ কৰা হয় এগৰাকী মহিলাক। ১১ দিন কফিনৰ ভিতৰতে অচেতন হৈ থাকিও বাকী থকা শক্তিৰে নিজকে বাহিৰলৈ উলিয়াই আনিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিল এই মহিলাগৰাকীয়ে।
অৱশ্যে সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ১১ দিনৰ মূৰত কবৰ খান্দি তেওঁক কফিনৰ পৰা জীৱিত অৱস্থাত উলিয়াই অনা হয়।
৩৭বছৰীয়া এই মহিলাগৰাকীৰ নাম ৰোজাঞ্জেলা আলমেইডা ডছ ছান্টোছ।
উল্লেখযোগ্য যে কবৰৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰি থাকোঁতে ৰোজাঞ্জেলাৰ হাতৰ তলুৱাতো আঘাত পাইছিল। কবৰৰ পৰা ওলাই আহিবলৈ তেওঁ কবৰৰ ভিতৰত বহুত চিঞৰ-বাখৰো কৰিছিল যদিও প্ৰায় ১১দিন তেওঁৰ কণ্ঠস্বৰ শুনিবলৈ তাত কোনো নাছিল।
ডেইলী মিৰ’ৰৰ বাতৰি অনুসৰি শ্মশানৰ কাষত বাস কৰা লোকসকলে ৰিয়াচাওৰ কবৰৰ পৰা অবিৰতভাৱে চিঞৰ-বাখৰ আৰু কান্দোনৰ শব্দ হোৱা বুলি পৰিয়ালক জনাইছিল। তেনেতে পৰিয়ালৰ লোকে খৰখেদাকৈ ৰিয়াচাওৰ সমাধিৰ ওচৰ পালেগৈ আৰু খান্দিবলৈ ধৰিলে। অৱশ্যে এই সময়ছোৱাত মানুহেও তেওঁলোকক সহায় কৰিছিল আৰু কফিনটো উলিয়াই আনিছিল। কফিনৰ ঢাকনিখন আঁতৰাই দিয়াত ৰিয়াচাওক ভিতৰত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।
ৰিয়াচাওৰ শৰীৰটো তেতিয়াও গৰম হৈ আছিল আৰু লগে লগে এম্বুলেন্স মাতি তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰিয়াচাওৰ হাত-ভৰিত আঘাতৰ চিন আছিল কাৰণ কফিনৰ পৰা ওলাই আহিবলৈ তেওঁ অহৰহ চেষ্টা কৰিছিল আৰু এই সময়ছোৱাত তেওঁ হয়তো আঘাতপ্ৰাপ্ত হৈছিল।
কিন্তু দুখৰ কথা যে ৰিয়াচাওৰ অৱস্থা ইমানেই বেয়া আছিল যে পিছদিনাখনেই তেওঁৰ মৃত্যু হৈছিল এই ৩৭বছৰীয়া মহিলাগৰাকীৰ।
জীৱিত অৱস্থাত পুতি থোৱাৰ ভুলৰ কাৰণ কি আছিল?
ৰিয়াচাওৰ মৃত্যুৰ প্ৰমাণ পত্ৰত লিখা আছে যে দুটাকৈ হাৰ্ট এটেক আৰু অংগ বিকল হোৱাৰ বাবে তেওঁৰ মৃত্যু হৈছে । তেওঁৰ বিয়া হৈছে, কিন্তু সন্তান নাই। সাত বছৰ বয়সৰ পৰাই ৰিয়াচাওৰ হঠাৎ মূৰ ঘূৰোৱাৰ সমস্যা হৈছিল। ইয়াৰ বাবেও তেওঁ ঔষধ খাই আছিল আৰু হয়তো ইয়াৰ বাবেই তেওঁ অজ্ঞান হৈ পৰিছিল আৰু মানুহে তেওঁক মৃত বুলি ভুল বশতঃ কবৰ দিছিল।