বিশ্বকাপৰ ফাইনেল মেচত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত এজন যুৱকৰ কৰুণ মৃত্যু ঘটিছে । গুৱাহাটীৰ বিৰুবাৰীৰ মৃণাল মজুমদাৰ নামৰ যুৱকজনে প্ৰাণ হেৰুৱাই ৷ প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল ভাৰত পৰাস্ত হোৱাৰ পিছতে অত্যন্ত শোকাহত হৈ পৰিছিল ২১ বছৰীয়া যুৱকজন। নিশা কান্দি কান্দি ভাত-পানী নোখোৱাকৈয়ে শুই পৰিছিল যুৱকজন।পৰিয়ালৰ লোকে জনোৱা মতে, নিশা কেইবাবাৰো বিচনাৰ পৰা উঠি আহিছিল মৃণাল। পিছত পৰিয়ালৰ লোকে মৃণালক অচেতন অৱস্থাত উদ্ধাৰ কৰে লগে লগে পৰিয়ালৰ লোকে মৃণালক হায়াত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
মৃত মৃণাল মজুমদাৰ বিৰুবাৰীৰ আইটিআইৰ ছাত্ৰ আছিল। পৰিয়ালৰ লোকে জনোৱা মতে, কোনো ধৰণৰ ৰোগত আক্ৰান্ত নাছিল মৃণাল। ক্ৰিকেটৰ শোকতে যুৱকজনে প্ৰাণ হেৰুওৱা বুলি দাবী কৰিছে পৰিয়ালৰ লোকে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে স্পষ্ট হ’ব যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ।