সোনাৰিৰ টীয়ক ৰজাবাৰীত আজি সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷এজন লোকে দাৰে ঘপিয়াই হত্যা কৰে এগৰাকী মহিলাক। প্ৰাপ্ত তথ্য অনুসৰি নিহত মহিলা গৰাকী হৈছে ৰেখা গোৱালা ৷ আনহাতে মহিলা গৰাকীক দাৰে ঘপিয়াই হত্যা কৰা লোকজনৰ নাম চাজন বণিক দেৱ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে সামান্য কথাতে দুয়োৰে মাজত সূত্ৰপাত হয় কাজিয়াৰ ৷খঙৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই চাজনে চুবুৰীয়া ৰেখা গোৱালা নামৰ মহিলা গৰাকীক দাৰে ঘপিয়াই ৷ যাৰ ফলত গুৰুতৰভাৱে আহত হোৱা মহিলা গৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয় ৷
হত্যাকাণ্ড সংঘটিত কৰিয়েই চাজন বনীক দেৱ নামৰ যুৱকজনে থানাত আত্মসমৰ্পণ কৰে । বৰ্তমান সোনাৰি আৰক্ষী থানাত অভিযুক্ত চাজনক জেৰা চলোৱা হৈছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰে ৷