প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই কলিয়াবৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷এগৰাকী কিশোৰীয়ে প্ৰেম প্ৰত্যাখান কৰাৰ বাবে কিশোৰী গৰাকীৰ লগতে তেওঁৰ পিতৃ-মাতৃকো ছুৰিৰে আঘাত কৰে এজন যুৱকে ৷ শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ কলিয়াবৰৰ আমবাগানৰ পূৱ-শোৱালনীত সংঘটিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি ৰাজীৱ দাস নামৰ যুৱকৰ ছুৰিকাঘাতত তিনিওজন লোক আহত হৈছে । দীৰ্ঘদিনে ৰাজীৱ দাসে এগৰাকী যুৱতীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল। কিন্তু যুৱতীগৰাকীয়ে প্ৰতিবাৰেই ৰাজীৱৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। ইয়াতে ক্ষুন্ন হৈ কিশোৰীগৰাকীক ৰাজীৱে ছুৰিকাঘাত কৰাৰ লগতে তেওঁৰ পিতৃ-মাতৃকো ছুৰিকাঘাত কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ৰাজীৱে ৷
অৱশ্যে আজি দুপৰীয়াৰ ভাগত তেওঁ আৰক্ষী থানাত আত্মসমর্পণ কৰে ৷ আহত তিনিগৰাকী লোক বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে। দো্ীক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷