সদাব্যস্ত গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াত সংঘটিত হ’ল এটা নৃশংস হত্যাকাণ্ড। গণেশগুৰিত দলবদ্ধ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন যুৱকে । নিহত যুৱকজন ইক্ৰাম হুছেইন বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে নিশা গণেশগুৰিত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল । সামান্য কথাতে সৃষ্টি হৈছিল সংঘাত ৷ একাংশ লোকৰ আক্ৰমণত মূৰত বেয়াকৈ আঘাত পাইছিল ইক্ৰাম হুছেইন নামৰ যুৱকজনে ।
সংকটজনক অৱস্থাত ইক্ৰাম হুছেইনক দিছপুৰ পলি ক্লিনিকত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসাধীন অৱস্থাতে মঙলবাৰে মৃত্যু হয় ইক্ৰাম হুছেইনৰ। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত মৃত ইক্ৰামৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে ।ঘটনা সন্দর্ভত মহানগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ এই ঘটনাত মৃত ইক্ৰামৰ বন্ধ জড়িত থকাৰ অভিযোগ উঠিছে ৷