VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰ: আপ

বিজেপিৰ চাকৰিৰ বজাৰৰ ন্যায়িক তদন্ত দাবী আপৰ

voicedesk by voicedesk
August 24, 2023
in মুখ্য সংবাদ
চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰ: আপ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৩ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত খোদ বাজপেয়ী ভৱনৰ পৰাই চলিছে চাকৰিৰ বজাৰ। টকা দিয়া, চাকৰি লোৱা এই কাৰ্যত লিপ্ত হৈছে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ বুলি কোৱা বিজেপি চৰকাৰ খনৰেই নেতা পালিনেতা। এটা এটাকৈ ফাদিল হব ধৰিছে দুৰ্নীতি কেলেংকাৰীৰ অধ্যায়। এই সন্দৰ্ভত আপ অসমে আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ উপসভাপতি জিতুল ডেকাই কয় যে তামোল এখন নোখোৱাকৈ চাকৰি দিয়া বুলি নিকা ভাৱমূৰ্তি দেখাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰীৰ দলতেই এতিয়া ওলাইছে চাকৰিৰ দালাল। ইন্দ্ৰানী তহবিলদাৰ নামৰ বিজেপি নেত্ৰী এগৰাকীৰ আত্ম হত্যাৰ ঘটনাৰ পৰাই প্ৰকাশ পাইছে চাকৰিৰ ক’লা বজাৰৰ কথা। চানমাৰি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰাৰ পিছতেই পোহৰলৈ আহিছে এজন এজন কৈ দালালৰ নাম। অনুৰাগ চলিহা নামৰ বিজেপিৰ দালাল আৰু অসীম চক্ৰৱৰ্তী নামৰ আৰ এছ এছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয় গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকৰ ঘৰত উদ্ধাৰ হোৱা admit, প্ৰাৰ্থীৰ নামৰ তালিকাই এখনো তামোল নোখোৱাকৈ চাকৰি পোৱা বুলি মুখ্য মন্ত্ৰীয়ে কোৱা কথাত এতিয়া সন্দেহ সৃষ্টি কৰিছে ৰাইজৰ মনত। লক্ষণীয়ভাৱে এই দুগৰাকী দালালৰ ঘৰৰ পৰা উদ্ধাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে আগ বঢ়াইছে বিশেষ মন্তব্য। এই সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৈছে যে টকা দিয়া সকলে চাকৰি পোৱা নাই। তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই মুখ্যমন্ত্ৰীয়ে এই কথা কেনেকৈ জানিলে। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ এই ঘটনাৰ ক্লিনশ্বিট দিব বিচাৰিছে নেকি। নে সত্য ওলাই যাব বুলি মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। চানমাৰি আৰক্ষীয়ে তদন্তৰ আওতালৈ এজনৰ পিছত এজনকৈ অভিযুক্তক আনি থকাৰ লগতে গ্ৰেপ্তাৰ কৰা দুগৰাকী দালালৰ ঘৰত এডমিত, প্ৰাথীৰ তালিকা, ধনৰ লেন দেনৰ তথ্য লাভ কৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই সন্দেহৰ সৃষ্টি কৰিছে। তাতোকৈ ডাঙৰ কথা তদন্ত চলি থাকোতে তদন্তৰ তদাৰক কৰা আৰক্ষীৰ মধ্য খণ্ডৰ ডি চি পি গৰাকীক বদলি কৰা কাৰ্যই এই সন্দেহ আৰু অধিক কৰি তুলিছে। অনুৰাগ চলিহা আৰু অসীম চক্ৰৱৰ্তী নামৰ দালাল কেইজনে কাৰ সাহসত চাকৰিৰ নামত ধন সংগ্ৰহ কৰিছিল। দুৰ্নীতি দেখিলে মুখ্যমন্ত্ৰীয়ে বাঘৰ দৰে জঁপিয়াই পৰিব বুলি কঠোৰ হোৱাৰ পিছতো তেওঁলোকে সাহস পালে কেনেকৈ। নিশ্চয় তেওঁলোকৰ আঁৰত বিজেপিৰ আৰু প্ৰভাৱশালী লোক জড়িত থাকিব পাৰে। সেয়ে এই কেলেংকাৰীৰ তদন্ত মহামান্য উচ্চ ন্যা়য়ালয়ৰ ন্যায়াধীশৰ জড়িয়তে ন্যায়িক তদন্ত কৰিবলৈ আপ অসমে দাবী জনাইছে। ৰাতিটোৰ ভিতৰতে মাটিৰ দালালৰ নামত সাধাৰণ লোকক ধৰি চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ে দলৰ ভিতৰত থকা দালালৰ বিৰুদ্ধেও অভিযান চলাওক। দলৰ ভিতৰতে যিহেতু এতিয়া দালাল বৃদ্ধি পাইছে সেয়ে ভিজিলেঞ্চৰ শাখা এটা বাজপেয়ী ভৱনৰ ভিতৰত পাতি লৈ তদন্ত কৰিবলৈও দাবী জনায় আপৰ উপসভাপতি জিতুল ডেকাই।
আনহাতে সংবাদ মেলত উপস্থিত থাকি আপ অসমৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে বৰ্তমান বিজেপি দলটোত মহিলা সুৰক্ষিত নহয়। দলটোত আধাতকৈ বেছি মহিলা সদস্য থকা বুলি দাবী কৰা মহিলা মৰ্চাৰ নেত্ৰী আঙুৰলতা ডেকা ক’ত নিৰুদ্দেশ হ’ল। এটাৰ পিছত এটাকৈ দলৰ মহিলা সদস্যৰ হত্যা, আত্মহত্যাৰ ঘটনা ঘটাৰ পিছতো তেওঁ নিমাত কিয়? এনে বোৰ ঘটনা সংঘটিত হৈ থকাৰ পিছতো ৰাজ্যিক মহিলা আয়োগে কোনো ভূমিকা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক। বিজেপি দলৰ মহিলা সদস্য সকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আপে দাবী জনায়। আজিৰ সংবাদ মেলখনত আপ অসমৰ মিডিয়া তত্ত্বাৱধায়ক হেমন্ত ফুকনো উপস্থিত থাকে।

Previous Post

যান-বাহনৰ গৰাকীলৈ চৰকাৰৰ বিশেষ সকাহ

Next Post

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ ৰহস্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ ৰহস্য

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ ৰহস্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7