VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘গগৈ-মগৈ’ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত কৰক: আম আদমি পাৰ্টী

ৰিপুণ বৰাকো তৃণমূল কংগ্ৰেছৰ নেতৃত্বই সভাপতি পদৰ পৰা অপসাৰণৰ দাবী আপৰ

voicedesk by voicedesk
July 6, 2023
in মুখ্য সংবাদ
‘গগৈ-মগৈ’ বুলি সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বৰ্খাস্ত কৰক: আম আদমি পাৰ্টী
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৭ জুলাইঃ আম আদমি পাৰ্টীয়ে কেতিয়াও সাম্প্ৰদায়িক ৰাজনীতি সহ্য নকৰে। কংগ্ৰেছৰ দিনৰে পৰা চলি অহা সাম্প্ৰদায়িক ৰাজনীতি বিজেপিৰ দিনত চৰম পৰ্যায়ত উপনীত হৈছে। ই দেশৰ বাবে বা ৰাজ্যখনৰ বাবে অতি অশুভ পৰম্পৰা। এই পৰম্পৰা আম আদমি পাৰ্টীয়ে কেতিয়াও চলি থাকিবলৈ নিদিয়ে। শেহতীয়াকৈ মন্ত্ৰী ৰঞ্জিত দাসে ‘গগৈ-মগৈ’ বুলি এক মন্তব্য দি সমগ্ৰ গগৈ উপাধিধাৰীসকলৰ লগতে এক বিশেষ সম্প্ৰদায়ক তুচ্ছ জ্ঞান কৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে। আম আদমি পাৰ্টীয়ে অনুভৱ কৰোঁ যে মন্ত্ৰী ৰঞ্জিত দাসৰ এই মন্তব্য জঘন্য সাম্প্ৰদায়িক আৰু এটা সম্প্ৰদায়ক তুচ্ছ-তাচ্ছিল্য কৰাৰ চূড়ান্ত উদাহৰণ। সেয়ে আম আদমি পাৰ্টীয়ে দাবী জনাইছোঁ যে এনে জঘন্য সাম্প্ৰদায়িক মন্তব্য কৰা মন্ত্ৰী ৰঞ্জিত দাসক বিজেপিয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাম যে ৰঞ্জিত দাসৰ তৎক্ষাণিকভাৱে বিধায়কৰ পদ খাৰিজ কৰিব লাগে।

আমি সকলোৱে জানো যে ৰাহুল গান্ধীয়ে ‘মোদী’ উপাধিক সাঙুৰি কৰা এটা মন্তব্যৰ বাবে যোৱা মাৰ্চ মাহত ছুৰাটৰ এখন আদালতে তেওঁক দুবছৰৰ কাৰাদণ্ড বিহিছিল। এই ৰায়ৰ আলমতে লোকসভাৰ সচিবালয়ে ততাতৈয়াকৈ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিছিল। উপাধিক লৈ কৰা মন্তব্যত যদি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হ’ব পাৰে, ৰঞ্জিত দাসৰ বিধায়কৰ পদ কিয় খাৰিজ কৰা নহ’ব?

তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াও ‘তিনি গগৈ’ক লৈ এক সাম্প্ৰদায়িক মন্তব্য কৰা আমাৰ চকুত পৰিছে। আম আদমি পাৰ্টীয়ে তৃণমূল কংগ্ৰেছৰ নেতৃত্বক দাবী জনাইছোঁ যাতে দলটোৰ নেতৃত্বঽই অসমৰ জনতাৰ প্ৰতি সন্মান জনাই এনে সাম্প্ৰদায়িক মন্তব্য কৰা ৰিপুণ বৰাক সাভাপতি পদৰ পৰা অপসাৰণ কৰে।

বিজেপিৰ এজন বহুবল্কী বিধায়ক, যিজনক একমাত্ৰ বিতৰ্কিত কথা ক’বলৈ বহুৱাই থোৱা হৈছে, তেওঁ হ’ল ৰূপজ্যোতি কুৰ্মী। এইজন বিধায়কে পৱিত্ৰ হেংদাঙক লৈ যি ফটুৱামি কৰিলে, সেই কথা কোনো সংস্কৃতিৱান লোকে সহ্য কৰিব নোৱাৰে। তেওঁ আগে-পিছে এনে লাগ-বান নোহোৱা কথা কয় বাবেই তেওঁক ৰাইজে পুতৌ কৰি ক্ষমা কৰি দিব নেকি? এনে সাম্প্ৰদায়িক মানসিকতাৰ লোক ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে বিষাক্ত সাপৰ দৰে। এই সাপ ৰাইজে পিঞ্জৰাবদ্ধ নকৰিলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন সদায় বিষাক্ত হৈ থাকিব। আম আদমি পাৰ্টীয়ে দাবী জনাইছোঁ যাতে বিজেপিৰ নেতৃত্বই এনে সদস্যৰ জিভাত লেকাম লগাওক। অসমৰ ৰাজনীতি সাম্প্ৰদায়িকতামুক্ত কৰক বিজেপিয়ে।

আজিৰ সংবাদমেলত উপস্থিত থাকে আপৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ব্ৰজেন সন্দিকৈ, মুখপাত্ৰ হেমন্ত ফুকন আৰু হেপ্পী গগৈ।

Previous Post

কাজিৰঙাত অসম প্ৰকাশন পৰিষদৰ অনুবাদ কৰ্মশালাত গুৰুত্বপূৰ্ণ সত্ৰ

Next Post

পুনৰ জালনোট জব্দ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
পুনৰ জালনোট জব্দ

পুনৰ জালনোট জব্দ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7