দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টিয়ে সোমবাৰে হ’বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাক সমৰ্থন কৰিব ৷ আজি দলটোৱে এই কথা প্ৰকাশ কৰিছে।
দলৰ ৰাজনৈতিক উপদেষ্টা সমিতিৰ বৈঠকৰ পাছতে তেওঁলোকে কয় যে এন ডি এ প্ৰার্থী দ্ৰৌপদী মুৰ্মুৰ প্ৰতি তেওঁলোকৰ সন্মান আছে, কিন্তু যশৱন্ত সিনহাকে সমৰ্থন কৰিব ৷ দিল্লীৰ তিনিজনকে ধৰি ৰাজ্যসভাৰ ১০ জন সাংসদৰ উপৰি পঞ্জাৱত ৯২জন, দিল্লীৰ ৬২জন আৰু গোৱাৰ দুজন বিধায়ককে ধৰি ১৫৬জন বিধায়কে নিৰ্বাচনত ভোটদান কৰিব।
কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছে যশৱন্ত সিনহা ৷ আপৰ সমর্থনে তেওঁক যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে ৷
বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ নিৰ্বাচিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ বাহিৰেও কেইবাটাও দল আৰু আনকি কেইটামান বিৰোধী দলৰ সমৰ্থনত মুৰ্মুৱে নিৰ্বাচনত সহজ জয়ৰ দিশত আগবাঢ়ি গৈছে ৷ নিৰ্বাচিত হ’লে ৬৪ বছৰীয়া মুর্মু হ’ব ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি ।সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ , আৰু তিনিদিনৰ পিছত ভোট গণনা হ’ব ৷