সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে সমগ্ৰ অসমতে উলহ-মালহেৰে শিল্পী দিৱস পালন কৰি আহিছে। এইবেলি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোলাঘাট মহকুমা ছাত্ৰ সন্থা, গোলাঘাট আঞ্চলিক ছাত্র সন্থা তথা গোলাঘাটবাসী ৰাইজৰ সহযোগত গোলাঘাট সমন্বয় ক্ষেত্ৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস উদ্যাপন কৰে। ছাত্র সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰীউৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শ্ৰীশংকৰজ্যোতি বৰুৱাই এই সন্দৰ্ভত এক বিবৃতিযোগে কয় যে-
জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাক নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই লৈ যাব পৰাকৈ ১৬ জানুৱাৰী তাৰিখে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ১৭ জানুৱাৰী তাৰিখে মূল অনুষ্ঠানৰ পতাকা উত্তোলন কৰে সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই। শ্বহীদ তৰ্পণ কৰে সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য্যই। ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে গোলাঘাট সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই। সভাখনৰ সভাপতিত্ব কৰি সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই কয় যে- অসমৰ খিলঞ্জীয়া মানুহখিনি কোনটো বাটেৰে আগবাঢ়ি গ’লে জাতীয় জীৱন সমৃদ্ধ হ’ব তাৰ সন্ধান জ্যোতিপ্ৰসাদ আগৰৱালাই দি গৈছে। তেখেত একে সময়তে থলুৱা অসমীয়া, গৌৰৱী ভাৰতীয় আৰু এজন বিশ্ব নাগৰিক আছিল। পৰিকল্পিত সাংস্কৃতিক আন্দোলনৰ জৰিয়তে সমাজ বিপ্লৱৰ সপোন দেখা জ্যোতিপ্ৰসাদৰ চিন্তা, সৃষ্টি আৰু জীৱনাদৰ্শ সন্দৰ্ভত অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন। আজি দক্ষিণ ভাৰতৰ চিনেমাই বিশ্বৰ বজাৰ দখল কৰিছে, কিন্তু দক্ষিণ ভাৰতত চলচিত্ৰ ষ্টুডিঅ’ স্থাপনৰ তিনি বছৰ পূৰ্বেই ১৯৩৩ চনত জ্যোতিপ্ৰসাদে ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি দূৰদৰ্শিতা দেখুৱাইছিল। অসমৰ চলচিত্ৰৰ প্ৰচাৰ প্ৰসাৰ আৰু জ্যোতিপ্ৰসাদৰ সৃষ্টি সন্দৰ্ভত গৱেষণাৰ বাবে তেখেতৰ নামত চৰকাৰে এখন ‘চলচ্চিত্ৰ নিৰ্মাণ আৰু গৱেষণা প্ৰতিষ্ঠান’ স্থাপন কৰিব লাগে।
ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে – জ্যোতিপ্ৰসাদক ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিব পৰা ধৰণৰ ব্যৱস্থা চৰকাৰে ল’ব লাগে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ৰাষ্ট্ৰীয় বঁটা প্ৰৱৰ্তন কৰি শিল্পী গৰাকীক ভাৰতবৰ্ষৰ জনসাধাৰণৰ অধিক কাষলৈ লৈ যাব লাগে। যিদৰে ৰবীন্দ্ৰ সংগীতক সুকীয়া স্বীকৃতি দিয়া হৈছে, জ্যোতি সংগীতকো সেই স্বীকৃতি প্ৰদান কৰিব লাগে আৰু যদিৰে ৰবীন্দ্ৰ ভাৰতী এক স্বতন্ত্ৰ অনুষ্ঠান হিচাপে চলি আছে জ্যোতি ভাৰতীকো স্বতন্ত্ৰভাৱে কাম-কাজ কৰি যাব পৰাকৈ সমৰ্থন আগবঢ়াব লাগে। ছাত্ৰ সন্থাই ইতিমধ্যেই জ্যোতিপ্ৰসাদ সন্দৰ্ভত এখনি ৫৭০ পৃষ্ঠাৰ গৱেষণাধৰ্মী গ্ৰন্থ প্ৰণয়ন কৰিছোঁ, এই ধাৰা আমি অব্যাহত ৰাখিম। নতুন প্ৰজন্মৰ মাজত ৰূপকোঁৱৰৰ সত্তাটোৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ছাত্ৰ সন্থাই নিজৰ কৰণীয়খিনি কৰি যাম।
মুকলি সভাৰ মুখ্য অতিথি ড° সমুজ্বল ভট্টাচাৰ্যই জ্যোতি প্ৰসাদ আগৰৱালাৰ আদৰ্শৰে অসমত এটি পৰিকল্পিত সাংস্কৃতিক সংগ্ৰামৰ পোষকতা কৰি কয় যে অসমৰ থলুৱা গীত-মাত, বাদ্য আদিৰ প্ৰতি নতুন চাম ল’ৰা-ছোৱালীক আগ্ৰহী কৰি তুলিবলৈ আমি পদক্ষেপ হাতত ল’ব লাগিব। ৰাজনীতিকে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে। জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক যাত্ৰা সমাজ গঢ়াৰ যাত্ৰা। তেখেতৰ সৃষ্টি চহা জীৱনৰ সমলৰে সমৃদ্ধ। প্ৰথম ষ্টুডিঅ’ নিৰ্মাণৰ পৰা প্ৰথম কথাছবি নিৰ্মাণলৈকে অসমৰ সাংস্কৃতিক জগতখনলৈ তেখেতৰ অৱদান অশেষ। এইসমূহৰ ওপৰত বিজ্ঞানসন্মত গৱেষণাৰ প্ৰয়োজন। তাৰ বাবে অসমৰ বিশ্ববিদ্যালয়সমূহত চৰকাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত আসন প্ৰতিষ্ঠা কৰিব লাগে।
কেন্দ্ৰীয় শিল্পী দিৱসত গোলাঘাট জিলাত নীৰৱে থলুৱা শিল্পৰ সাধনা কৰি থকা কেইবাগৰাকীও শিল্পীক ছাত্ৰ সন্থাই সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে জ্যোতিপ্ৰসাদৰ চিন্তা-চেতনাৰ প্ৰকাশ ঘটাকৈ ‘ৰূপতীৰ্থ’ নামৰ এখনি গ্ৰন্থ প্ৰণয়ন কৰে। গ্ৰন্থখন উন্মোচন কৰে নুমলীগড় তেল শোধনাগাৰৰ মুখ্য মহা প্ৰবন্ধক শ্ৰীযুত কাজল শইকীয়াই। সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ছাত্ৰ সন্থাৰ উপদেষ্টাদ্বয় ক্ৰমে প্ৰকাশ চন্দ্ৰ দাস আৰু উদ্দীপজ্যোতি গগৈয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱনিৰ্বাচিত সভাপতি পলাশ চাংমাই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা, অসম চাহ জনজাতি ছাত্র সন্থাৰ ছাত্র সন্থাৰ সভাপতি সাধাৰণ সম্পাদক জগদীশ বৰাইক, টি.এম.পি.কে.ৰ সভাপতি ৰাজকুমাৰ মৰাঙৰ লগতে গোলাঘাটৰ আগশাৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যক্ষ-অধ্যক্ষা।
অনুষ্ঠানটিত অংশ লোৱা সকলো গায়ন-বায়ন, শিল্পীৰ দল আৰু ৰাইজলৈ শিল্পী দিৱস উদ্যাপন সমিতিৰ হৈ সভাপতি পূৰ্ণ ৰাজখোৱা, কাৰ্যকৰী সভাপতি দেৱজিৎ ফুকন আৰু মুখ্য সম্পাদক অভিৱৰ্তন গোস্বামীয়ে ধন্যবাদ জনায়।