ফৰাচী গণিতজ্ঞ মিচেল টালাগ্ৰাণ্ডে গণিতৰ সৰ্বোচ্চ সন্মান এবেল বঁটা লাভ কৰে। ‘নৰ্ৱেজিয়ান একাডেমী অৱ চাইন্স এণ্ড লেটাৰ্ছ’ই কয় যে গণিতৰ জগতখনলৈ তেওঁৰ অসাধাৰণ অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে ৷ তেওঁৰ অন্যতম ৰচনা হৈছে ‘ৰেণ্ডম ফেন’মেনা’।
৭২ বছৰীয়া গণিতজ্ঞ গৰাকী এবেল বঁটা লাভ কৰা পঞ্চমজন ফৰাচী গণিতজ্ঞ ৷তেওঁ কয়, “মই কেতিয়াও ভবা নাছিলো যে মই এই সন্মান পাম। এই খবৰটো পাই আচৰিত হৈছো।” শিশু অৱস্থাত তেওঁৰ জিনীয় ৰোগ ধৰা পৰিছিল। শাৰীৰিক অক্ষমতাৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ সেই সময়ত পঢ়া-শুনাত নিমগ্ন হৈ পৰিছিল। আৰু তেতিয়াই তেওঁ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰতি আগ্ৰহী হৈ পৰে ৷
১৯৭৪ চনত ‘ফ্ৰেঞ্চ নেচনেল চেণ্টাৰ ফৰ চাইন্টিফিক ৰিচাৰ্চ’ই তেওঁক নিযুক্তি দিয়ে। তেওঁ সম্ভাৱনা তত্ত্বৰ ওপৰত গৱেষণা কৰিছিল । এই সময়ছোৱাতে তেওঁ বেল কাৰ্ভৰ কাম কৰিছিল।
অৱশ্যে গণিতজ্ঞ গৰাকীয়ে দুখ প্ৰকাশ কৰে যে নৱপ্ৰজন্ম এতিয়াও গণিতৰ প্ৰতি আগ্ৰহী নহয়। নোবেল বঁটাত গণিতৰ শাখাক সন্মান জনোৱা নহয়। সেই ব্যৱধান পূৰণৰ বাবেই আবেল বঁটা আৰম্ভ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। এই সন্মান নৰৱে চৰকাৰে প্ৰদান কৰে। সেই দেশৰ বিখ্যাত গণিতজ্ঞ নীলছ হেনৰিক এবেলৰ নামেৰে এই বঁটা প্ৰদান কৰা হৈছে। পুৰস্কাৰৰ ধনৰ পৰিমাণ ৮ লাখ ৫৮ হাজাৰ ৯৪১ পাউণ্ড। নৰৱেৰ ৰজা পঞ্চম হেৰাল্ডে ২১ মে’ত অছল’ত তেওঁক এই বঁটা প্ৰদান কৰিব।