লাইন অব কন্ট্ৰ’ল অতিক্ৰমি পাকিস্তানৰ এফ ১৬ বিমান গুলীয়াই ধাৰাশায়ী কৰা গ্ৰুপ কেপ্তেইন অভিনন্দন ৱর্ধমানক আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বীৰ চক্ৰ সন্মান প্ৰদান কৰে ৷ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত কোবিন্দে তেওক এই সন্মানেৰে সন্মানিত কৰে ৷
বীৰ চক্ৰ হৈছে তৃতীয় সর্ব্বোচ্চ ৱাৰটাইম গেলেন্ট্ৰী সন্মান ৷ পৰম বীৰ চক্ৰ আৰু মহাবীৰ চক্ৰ সন্মানৰ পাছতেই হৈছে বীৰ চক্ৰ সন্মান ৷ ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ৱর্ধমানে পাকিস্তানৰ বিমান গুলীয়াই ধাৰাশায়ী কৰিছিল ৷
Delhi: Wing Commander (now Group Captain) Abhinandan Varthaman being accorded the Vir Chakra by President Ram Nath Kovind, for shooting down a Pakistani F-16 fighter aircraft during aerial combat on February 27, 2019. pic.twitter.com/vvbpAYuaJX
— ANI (@ANI) November 22, 2021
শেহতীয়াকৈ ৱর্ধমানক উইং কামাণ্ডাৰ পদৰ পৰা গ্ৰুপ কেপ্তেইনলৈ পদোন্নতি প্ৰদান কৰা হৈছে ৷ আজিৰ অনুষ্ঠানতে তিনি বছৰ পূর্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুওৱা প্ৰকাশ যাদবক মৰোণত্তৰভবে কির্তি চক্ৰ সন্মান প্ৰদান কৰা হয় ৷