আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এটা টুইটযোগে প্ৰকাশ কৰিছে যে যোৱা ১০০ দিনত অসম আৰক্ষীয়ে প্ৰায় ২০০ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিছে।
অৰ্থাৎ দৈনিক ২ কোটি টকাৰ ড্ৰাগছ! এই সংখ্যাই অসমত ড্ৰাগছৰ ব্যাপক প্ৰচলনৰ ভয়াবহ ছবি এখন দাঙি ধৰিছে।
তেখেতে উল্লেখ কৰা এই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ ভিতৰত প্ৰায় ২৬.১৯ কেজি হিৰ’ইন, ৯৭০২.৯০ কেজি গাঞ্জা, ১৮ কেজি অ’পিয়াম, ৯৩,২৮৯ টা কফ চিৰাপ, ১৫,৪,৭২৬৬ টা কেপচুল, ২.০৭ কেজি মৰ্ফিন, ৩৩.১৪ কেজি আফু ষ্ট্ৰ, ৩.০০ কেজি ক্ৰীষ্ট্ৰেল মেথ, ৪ গ্ৰাম কোকেইনৰ লগতে ভাৰতীয় মূল্যৰ ১,৪৫,৯২,৪৩৬ টকা, বিদেশী মূল্যৰ ১৩,৬৩০ টকা, ৬,৮০০ এফ আই চি এন, ৩১ বিধা ৩ কঠা ১২ লেচা খেতি ধ্বংস, ৬৭ খন জব্দ কৰা গাড়ী আৰুসৰ্বমুঠ ১১৪১ টা গোচৰত ১৯৬৪ জনক আটক কৰা হৈছে।
টুইটটোত আৰক্ষী প্ৰধান গৰাকীয়ে উল্লেখ কৰে যে এয়া মাথো আৰম্ভণিহে। অসমত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ বন্ধ নোহোৱা পৰ্যন্ত আৰক্ষীৰ অভিযান অব্যাহত থাকিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছৰ পৰাই মুখ্যমন্ত্ৰীজনৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে শূণ্য সহনশীল নীতিৰে ড্ৰাগছবিৰোধী অভিযান অব্যাহত ৰাখিছে।
এই সংক্ৰান্তত অসম আৰক্ষীৰ দলে ৰাজ্যখনত ড্ৰাগছৰ বহুকেইটা কুখ্যাত ঘাটি উৎখাত কৰাৰ লগতে বহুকেইজন ড্ৰাগছ মাফিয়াক হত্যা তথা গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য অনুসৰি ১০ মে’ৰ পৰা ১৫ জুলাইৰ ভিতৰত ৰাজ্যিক আৰক্ষীয়ে নাৰ্কোটিক ড্ৰাগছ আৰু চাইকোট্ৰপিক চাবষ্টেন্স (এন ডি পি এছ) আইনৰ অধীনত ৮৭৪ টা গোচৰ ৰুজু কৰে আৰু ৰাজ্যজুৰি ১,৪৯৩ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰু প্ৰায় ১৬৩ কোটি নিষিদ্ধ সামগ্ৰী জব্দ কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক অবৈধ ব্যৱসায় উৎখাত কৰিবলৈ আইনৰ ভিতৰত দৃঢ়তাৰে আৰু নিৰ্ণায়কভাৱে কাম কৰিবলৈ সম্পূৰ্ণ কাৰ্যকৰী স্বাধীনতা প্ৰদান কৰিছিল।