দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ নিৰ্বাচনত বাওঁপন্থীৰ আধিপত্য অব্যাহত আছে ৷ ছাত্ৰ পৰিষদৰ মূল চাৰিটা পদৰ ভিতৰত চাৰিটা পদত বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।
চাৰি বছৰৰ পাছত যোৱা শুকুৰবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিষদৰ নির্বাচন অনুষ্ঠিত হয় ৷ দেওবাৰে ভোটগণনা অনুষ্ঠিত হয়। সভাপতি, উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদৰ বাবে আৰম্ভণিৰে পৰা বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছিল। কিন্তু যুটীয়া সম্পাদক পদৰ বাবে সংঘৰ ছাত্ৰ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বা এবিভিপিৰ প্ৰাৰ্থী বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থীৰ সৈতে কঠিন যুঁজ হৈছিল। শেষত এই পদতো বাওঁপন্থী প্ৰাৰ্থীয়ে জয়লাভ কৰে।
ফলাফল অনুসৰি বাওঁ ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থী ধনঞ্জয়ে ৯২২ টা ভোটত সভাপতি পদত জয়ী হৈছে। ২৫৯৮টা ভোট লাভ কৰে তেওঁ । এবিভিপিৰ প্ৰাৰ্থী উমেশ চন্দ্ৰ আজমিৰাই ১৬৭৬টা ভোট লাভ কৰে। বাওঁপন্থী ছাত্ৰ মৰ্চাৰ প্ৰাৰ্থী অভিজিৎ ঘোষে উপ-সভাপতি পদৰ বাবে ৯২৭টা ভোটত জয়লাভ কৰে। তেওঁ লাভ কৰে ২৪০৯টা ভোট। এবিভিপিৰ দীপিকা শৰ্মাই তেওঁৰ বিৰুদ্ধে ১৪৮২টা ভোট লাভ কৰে। সাধাৰণ সম্পাদক পদত বাওঁপন্থী প্ৰাৰ্থী প্ৰিয়ংশী আৰ্য্যই ৯২৬টা ভোটত জয়লাভ কৰে। তেওঁ ২৮৮৭টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী এবিভিপিৰ অৰ্জুন আনন্দই ১৯৬১টা ভোট লাভ কৰে। বাওঁ সমৰ্থিত প্ৰাৰ্থী মহম্মদ সাজিদে যুটীয়া সম্পাদক পদৰ বাবে লাভ কৰে ২৫৭৪ টা ভোট। এবিভিপিৰ প্ৰাৰ্থী গোবিন্দ ডাংগীয়ে তেওঁৰ বিৰুদ্ধে ২০৬৬টা ভোট লাভ কৰে। সাজিদে ৫০৮টা ভোটত জয়লাভ কৰে।