আমেৰিকাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী তথা শান্তিৰ নোবেল বটাঁ প্ৰাপক হেনৰী কিচিঞ্জাৰৰ দেহাৱসান ঘটিছে । বিশ্ব ৰাজনীতিত বহু চৰ্চিত এই কূটনীতিবিদগৰাকীৰ বয়সে শতবর্ষত ভৰি থোৱাৰ সময়তে দেহাৱসান ঘটে । বার্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰা কূটনীতিবিদগৰাকীয়ে বুধবাৰে কানেকটিকাটৰ নিজৰ ঘৰত শেষ নিশ্বাস ত্যাগ কৰে।
জাৰ্মানীৰ ইহুদী পৰিয়ালত জন্মগ্ৰহণ কৰা এই কূটনীতিবিদজনে বহু উত্থান-পতনৰ মাজেৰে সফলতাৰ দুৱাৰমুখত উপনীত হৈছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত কিচিঞ্জাৰ আৰু আমেৰিকা প্ৰশাসনৰ ভূমিকা আজিও বিতৰ্কিত। বিশেষকৈ দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিষয়ে কিচিঞ্জাৰে যি ধাৰণা ৰাখিছিল, সেই ধাৰণাৰ ওপৰতো বিতৰ্ক হৈছিল। ইয়াৰ ফলত নতুন দিল্লী আৰু ৱাশ্বিংটনৰ মাজৰ দূৰত্ব বৃদ্ধি পাইছিল ৷
১৯২৩ চনত জাৰ্মানীত জন্মগ্ৰহণ কৰিছিল কিচিঞ্জাৰৰ। নাজী শাসনৰ ভয়ত কিচিঞ্জাৰৰ পৰিয়ালে ১৯৩৮ চনত আমেৰিকালৈ প্ৰব্ৰজন কৰে। ১৯৪৩ চনত কিচিঞ্জাৰ আমেৰিকাৰ নাগৰিক হৈ তিনি বছৰৰ পিছত আমেৰিকাৰ সেনাবাহিনীত যোগদান কৰে।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কিচিঞ্জাৰ আমেৰিকান সেনাৰ ৮৪ নং ডিভিজনৰ সদস্য হিচাপে জাৰ্মানীলৈ যায়। এডলফ হিটলাৰৰ নাজী সেনাৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছিল। জন্মগতভাৱে জাৰ্মান হোৱাৰ বাবে কিচিঞ্জাৰে সামৰিক বাহিনীৰ চোৰাংচোৱা শাখাক কেইবাটাও নথি অনুবাদ কৰাত সহায় কৰিছিল।
পিছত তেওঁ সেনাৰ চোৰাংচোৱা শাখাতো যোগদান কৰে। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত পি এইচ ডি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ দীৰ্ঘদিন আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়তো অধ্যাপনা কৰিছিল। ১৯৬৯ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়ে।
ভিয়েটনাম যুদ্ধৰ অন্ত পেলোৱাৰ অন্যতম ‘শিল্পী’ হিচাপে কিচিঞ্জাৰে ১৯৭৩ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।