মাওবাদীৰে সম্পৰ্ক ৰখাৰ বাবে আজীৱন কাৰাদণ্ডৰে দণ্ডিত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক জি এন ছাইবাবাক বম্বে উচ্চ ন্যায়ালয়ে দোষমুক্ত কৰিলেও কাৰাগাৰত থাকিব লাগিব ৷ আজি উচ্চতম ন্যায়ালয়ে বম্বে উচ্চ ন্যায়ালয়ে তেওঁক দোষমুক্ত কৰাৰ নিৰ্দেশ স্থগিত ৰাখিছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰে দাখিল কৰা আবেদনৰ ভিত্তিত জি এন ছাইবাবা আৰু আন অভিযুক্তৰ পৰাও উচ্চ ন্যায়ালয়ে উত্তৰ বিচাৰি বিষয়টো ৮ ডিচেম্বৰত পুনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰে।
বিষয়টোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এম আৰ শ্বাহ আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে জি এন ছাইবাবাৰ শাৰীৰিক অক্ষমতা আৰু স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক গৃহবন্দী কৰাৰ অনুৰোধ নাকচ কৰে। ছাইবাবাৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা বসন্তই আদালতত কয় যে ছাইবাবা ৯০ শতাংশ শাৰীৰিকভাৱে অক্ষম, একাধিক ৰোগ আছে। তেওঁ হুইল চেয়াৰত আবদ্ধ হৈ আছে।
বিচাৰপীঠে অৱশ্যে এই অনুৰোধ নাকচ কৰি কয় যে অধ্যাপক গৰাকীক গুৰুতৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। সন্ত্ৰাসবাদ আৰু নক্সাল কাৰ্যকলাপৰ বাবে আন যিকোনো শাৰীৰিক জড়তাতকৈ মগজুৰ ব্যৱহাৰ অধিক গুৰুত্বপূৰ্ণ।
বোম্বে উচ্চ ন্যায়ালয়ে ছাইবাবাক দোষমুক্ত কৰি তেওঁক তৎক্ষণাত জেলৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে শীৰ্ষ আদালতৰ কাষ চাপিছিল ৷ইউএপিএৰ অধীনত দোষমুক্ত হোৱাটো ন্যায্য নহয় বুলি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি প্ৰদর্শনৰ পিছত শনিবাৰে জৰুৰীভাৱে তালিকাভুক্ত কৰি গোচৰটোৰ শুনানি ল’বলৈ সন্মত হয় ৷
শাৰীৰিক অক্ষমতাৰ বাবে হুইল চেয়াৰত বহি থকা ৫২ বছৰীয়া ছাইবাবাক বৰ্তমান নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।