দেওবাৰে মাজনিশা মুম্বাইৰ পৰা ৰাজস্থান অভিমুখে গৈ থকা অৱস্থাত এক দুৰ্ঘটনাত পতিত হয় ৰেল যাত্ৰীসকল। দেওবাৰে মাজনিশা সূৰ্যনগৰী এক্সপ্ৰেছ লাইনচ্যুত হয় ৷ এই ঘটনাত ১০ জন যাত্ৰী আহত হয়। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ পালি অঞ্চলৰ ৰাজকী আবাছত। দেওবাৰে মুম্বাইৰ বান্দ্ৰা টাৰ্মিনাছৰ পৰা যোধপুৰ অভিমুখে ৰাওনা হৈছিল সূৰ্যনগৰী এক্সপ্ৰেছ ৰে’লখন।
ৰে’ল বিভাগৰ বিষয়াসকলে জনোৱা মতে, যোধপুৰ সংমণ্ডলৰ ৰাজকিয়াবাছ আৰু বোমাদ্ৰা অঞ্চলৰ মাজত ৰে’লখনৰ শেষৰ ৮টা ডবা ৰেলপথৰ পৰা বাগৰি পৰে ৷ উত্তৰ পশ্চিম ৰেলৱেৰ শীৰ্ষ বিষয়াসকলে জয়পুৰ মুখ্য কাৰ্যালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা সমগ্ৰ বিষয়টো চোৱাচিতা কৰাৰ বাবে ঘটনাস্থলীলৈ ৰাওনা হয় ৷
এই দুৰ্ঘটনাত ১০ জন যাত্ৰী সামান্যভাৱে আহত হয়। প্ৰাথমিক চিকিৎসাৰ বাবে তেওঁলোকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰে’ল সেৱাও ব্যাহত হৈ পৰে । যাৰ বাবে বহুকেইখন ৰে’ল নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ গন্তব্যস্থান পায় ৷ এএনআইক দিয়া এক সাক্ষাৎকাৰত সূৰ্যনগৰী এক্সপ্ৰেছৰ এগৰাকী যাত্ৰীয়ে কয় যে মাৰোৱাৰ জংচন ৰেলখন এৰি যোৱাৰ পিছতে এটা অদ্ভুত শব্দ আৰম্ভ হয়। শব্দ আৰম্ভ হোৱাৰ দুই-তিনি মিনিটৰ পাছত হঠাৎ ৰেলখন ৰৈ গ’ল।
যাত্ৰীৰ মন্তব্য, “মই বুজিব পৰা নাছিলো যে ৰেলখন কিয় মাজত ৰাস্তাত ৰৈ গ’ল।” পৰিস্থিতি বুজিবলৈ আমি ৰেলৰ পৰা নামিলোঁ। ইয়াৰ পিছত দেখিলো ট্ৰেইনখনৰ পিছফালে থকা ৮টা ডবা ৰেলপথৰ পৰা বাগৰি পৰিছে ৷