আজি জেৰা কৰা হ’ব পংকজ পাঠকক ৷ মহিলাক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগত বৰপেটাত গ্ৰেপ্তাৰ কৰা পংকজ পাঠকক আজি পুৱা অনা হয় গুৱাহাটীলৈ ৷ জানিব পৰা মতে আজি হাতীগাঁও থানাত জেৰা কৰা হ’ব পাঠকক ৷
উল্লেখযোগ্য যে পাঠকে মহিলাক লৈ সামাজিক মাধ্যমত অশালীন মন্তব্য কৰাৰ পিছতে সমগ্ৰ ৰাজ্য জুৰি সৃষ্টি হৈছে বৃহৎ প্ৰতিক্ৰিয়াৰ ৷ স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে বহুকেইখন থানাত ইতিমধ্যে ৰুজু হৈছে বহুকেইটা গোচৰ ৷ বুধবাৰে পুৱতি নিশা টিহু আৰক্ষীৰ সহযোগত হাতগাঁও আৰক্ষীৰ এটা দলে পংকজ পাঠকক বিচাৰি তেওঁৰ টিহুৰ নতুন বনিয়াকুছিত অৱস্থিত উদ্যোগত অভিযান চলাই আৰু পাঠকক নাপাই উদ্যোগটোৰ এগৰাকী কৰ্মচাৰীৰ মোবাইল ফোন জব্দ কৰে ৷
অৱশ্যে পৰৱৰ্তী সময়ত এগৰাকী মহিলা সাংবাদিকক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল পংকজ পাঠকক ৷ আনকি এই সম্পৰ্কে অসম মহিলা আয়োগেও পংকজ পাঠকৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ ৷