অৱশেষত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিলে দুর্নীতিগ্ৰস্ত এচিএছ বিষয়া সুকন্যা বৰাক ।দীর্ঘদিনীয়া তদন্তৰ অন্তত আজি তেওঁক তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে ৷ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এচিএছ বিষয়া গৰাকীক কেইবাবাৰো সোধপোচ কৰিছিল তদন্তকাৰীয়ে ৷
উল্লেখ্য যে সাংসদ পুঁজিৰ ধন আত্মসাৎ গোচৰত প্ৰথমে নাম সাঙোৰ খাই পৰিছিল কামৰূপ জিলাৰ এডিচি সুকন্যা বৰাৰ ৷ ইয়াৰ পাছতে তেওঁৰ অগাধ সা-সম্পত্তিৰ তথ্য লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ৷ তদন্ত আৰম্ভ হোৱাৰ লগে লগে সুকন্যাৰ সম্পত্তি দেখি তবধ মানিছিল তদন্তকাৰী সংস্থাটোৱে ৷ অতি কম সময়ৰ ভিতৰতে কিদৰে তেওঁ ইমান সম্পত্তিৰ গৰাকী হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছিল ৷
৮ বছৰ চাকৰি কৰিয়েই সুকন্যা বৰাই ১০ কোটিৰো অধিক টকাৰ সম্পত্তিৰ গৰাকী হৈছিল । গুৱাহাটী আৰু মৰিগাঁৱত সুকন্যাৰ আছে বিশাল সম্পত্তি ৷ জ্যেষ্ঠ বিষয়াৰ আশীৰ্বাদত কনিষ্ঠ এচিএছ সুকন্যাই সোঁৱে-বাঁৱে ধন আত্মসাৎ কৰাৰ অভিযোগ দীর্ঘদিনীয়া ৷
প্ৰাপ্ত তথ্য অনুসৰি গুৱাহাটীৰ চাৰি ঠাইত সুকন্যাৰ মাটি আৰু ফ্লেট থকাৰ লগতে আমিনগাঁৱতো কেইবা বিঘা মাটি আছে। দক্ষিণ শৰণীয়াৰ পৈতিৃক সম্পত্তিৰ লগতে জয়ানগৰত সুকন্যা বৰাৰ বিলাসী পেণ্ট হাউচ আছে। ইয়াৰোপৰিও, জয়ানগৰৰ চিণ্ডিকেট আৰকেভিয়া এপাৰ্টমেণ্টতো সুকন্যাৰ বিলাসী পেণ্ট হাউচ আছে। কেৱল জয়নগৰৰ ঘৰটোৰ মূল্যই ২ কোটি টকাৰো অধিক। পেণ্ট হাউচত ব্যৱহাৰ কৰা হৈছেবিলাসী আচবাব ৷
আয়ৰ বিপৰীতে অধিক সম্পত্তি থকাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে সুকন্যাৰ বাসগৃহত অভিযান চলায়। দক্ষিণ শৰণীয়া আৰু জয়ানগৰৰ ঘৰত দলটোৱে অভিযান চলায়। ইতিমধ্যে সুকন্যাৰ মৰিগাঁৱত থকা মাটিৰ নথি-পত্ৰ জব্দ কৰিছে। আনহাতে দক্ষিণ শৰণীয়া আৰু জয়ানগৰৰ ঘৰটো অভিযান চলাই নথি পত্ৰ জব্দ কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে ।