শেহতীয়াকৈ অসম চৰকাৰে অসমৰ বিদ্যালয় সমূহক লৈ এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷২০২২চনৰ উচ্চ-মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত ৰাজ্যৰ বহুকেইখন বিদ্যালয়ৰ ফলাফল একেবাৰে নিৰাশাজনক হোৱাৰ বাবে এই বিদ্যালয় সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে চৰকাৰ ৷ এই সন্দৰ্ভত ৰাজ্যখনৰ ৩৪খনকৈ বিদ্যালয় বন্ধ কৰাৰ কথা ইতিমধ্যেই ঘোষণা কৰা হৈছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া মতে ২০২২চনৰ উচ্চ-মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত বহুকেইখন বিদ্যালয়ৰ উত্তীৰ্ণৰ সংখ্যা শূণ্যৰ ঘৰত থকাৰ বাবেই এই সিদ্ধান্তত উপণীত হৈছে চৰকাৰ ৷ অসমৰ মুঠ ৩৪খন চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় আৰু ৫৭খন স্বীকৃত ভেঞ্চাৰ স্কুলৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ৷
২০২২চনৰ ১৭জুলাইত এক বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে মাধ্যমিক শিক্ষা বিভাগক শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূণ্য শতাংশ ফলাফল দেখুওৱা বিদ্যালয় সমূহ চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত আন বিদ্যালয় সমূহৰ সৈতে একত্ৰিত কৰাৰ নিৰ্দেশ দিছিল ৷ নিৰ্দেশ অনুসৰি ইতিমধ্যে ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে বিদ্য়ালয়ৰ সংমিশ্ৰণৰ এই প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ৰাজ্যৰ ৩৪খন বিদ্যালয়ৰ এতিয়াৰে পৰা নাথাকিব নিজা পৰিচয় ৷ যিহেতু মাধ্যমিক শিক্ষা কৰ্তৃপক্ষই এই বিদ্যালয় সমূহক তেওঁলোকৰ ওচৰৰ বিদ্যালয় সমূহৰ সৈতে একত্ৰিত কৰিব ৷
বন্ধ হ’বলগীয়া বিদ্যালয় সমূহৰ ভিতৰত আছে কাছাৰ জিলাৰ ৫খন বিদ্যালয় ,চিৰাং জিলাৰ এখন ,দৰং জিলাৰ এখন ,ধুবুৰী জিলাৰ দুখন ,ডিব্ৰুগড় জিলাৰ এখন ,গোৱালপাৰা জিলাত দুখন ,গোলাঘাট জিলাৰ এখন ,হাইলাকান্দি জিলাত এখন ,যোৰহাট জিলাত ৫খন ,কামৰূপ জিলাত এখন ,কাৰ্বি-আংলং জিলাত ৭খন,কোকৰাঝাৰ জিলাত এখন ,লখীমপুৰ জিলাৰ দুখন ,নগাঁৱত দুখন ,নলবাৰীত এখন আৰু পশ্চিম কাৰ্বিআংলং জিলাৰ ১খনকৈ বিদ্যালয় ৷ এই বিদ্যালয় কেইখনক অসমৰ আন বিদ্য়ালয় সমূহৰ সৈতে একত্ৰিত কৰা হ’ব ৷
আনহাতে ৫৭ খন স্বীকৃত ভেঞ্চাৰ বিদ্যালয়েও হেৰুৱাব নিজৰ স্বীকৃতি ৷ এই বিদ্যালয় সমূহৰ ভিতৰত আছে যোৰহাট জিলাৰ ৬খন,কামৰূপ জিলাৰ ৫খন ,নগাঁও জিলাৰ ৫খন ,ডিব্ৰুগড় জিলাত ৪খন,হোজাই জিলাৰ ৪খন ,বাক্সা ,বঙাইগাঁও,কাৰ্বি আংলং,তিনিচুকিয়া,আৰু ওদালগুৰি জিলাত ৩খনকৈ ,চৰাইদেউ,গোলাঘাট,কামৰূপ মহানগৰ জিলা,মাজুলী আৰু নলবাৰী জিলাত ২খনকৈ আৰু বৰপেটা জিলা,কাছাৰ,ধুবুৰী,ডিমা-হাচাও,গোৱালপাৰা ,কোকৰাঝাৰ ,লখিমপুৰ ,মৰিগাঁও জিলাৰ এখন কৈ বিদ্যালয় ৷
অৱশ্যে অসম চৰকাৰৰ এনে এক কঠোৰ সিদ্ধান্তই ৰাজ্যখনৰ শিক্ষা জগতত কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া সময়ত হে লক্ষণীয় হ’ব ৷