তিনি কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কার্যসূচীৰ সময়তে গণতন্ত্ৰ দিৱসৰ দিনা সংঘটিত হিংসাত্মক ঘটনাৰ অভিযুক্ত তথা পঞ্জাৱৰ জনপ্ৰিয় অভিনেতা দীপ সিদ্ধুৰ মঙলবাৰে নিশা এক শোকাৱহ পথ দূর্ঘটনাত পতিত হৈ মৃত্যু ঘটে ৷ কুন্দলী-মানেচাৰ-পালৱাল এক্সপ্ৰেছৱেত সংঘটিত এই দূৰ্ঘটনাটো ৷ তেওঁৰ স্ক’ৰপিঅ’ বাহনখনে এখন ট্ৰেইলাৰ ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ যাৰ ফলত স্ক’ৰপিঅ’খনৰ সন্মুখৰ ভাগতো সম্পূনৰূপে ধংস হয় ৷ অভিনেতাজন দিল্লীৰ পৰা পঞ্জাৱৰ ভাটিণ্ডালৈ গৈ থকা অৱস্থাতে মঙলবাৰে নিশা ৯:৩০ বজাত দূর্ঘটনাটো সংঘটিত হয় ৷ তেওঁক ততাতয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে অভিনেতাজন মৃত বুলি ঘোষণা কৰে ৷
উল্লেখ্য যে দীপ সিদ্ধু যোৱা বছৰ ফেব্ৰুৱাৰীত গণৰাজ্য দিৱসত কৃষকসকলে কৰা ট্ৰেক্টৰ ৰেলীৰ সময়ত গ্ৰেপ্তাৰ কৰিছিল দিল্লী আৰক্ষীয়ে ৷ এই গোচৰটোত তেওঁ যোৱা এপ্ৰিলত জামিন লাভ কৰিছিল ৷ কিন্তু মুকলি হোৱাৰ ঠিক পিছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। এপ্ৰিলৰ শেষৰ ফালে তেওঁক দ্বিতীয়বাৰৰ বাবে জামিনত মুকলি কৰি দিয়া হৈছিল ৷ সিদ্ধুক লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী বুলি অভিযুক্ত কৰা হৈছিল।
Deeply saddened to learn about the unfortunate demise of renowned actor and social activist, #DeepSidhu. My thoughts and prayers are with the bereaved family and fans.
— Charanjit S Channi (@CHARANJITCHANNI) February 15, 2022
পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে টুইট যোগে অভিনেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। “প্ৰখ্যাত অভিনেতা আৰু সমাজকৰ্মী দীপ সিদ্ধুৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বিষয়ে জানি গভীৰ ভাৱে দুখ পাইছো। শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা ৷”- চান্নীয়ে টুইটযোগে এনেদৰে কয় ৷ পঞ্জাৱৰ বিত্ত মন্ত্ৰী মনপ্ৰীত সিং বাদল আৰু আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানেও টুইট যোগে শোক প্ৰকাশ কৰিছে।