প্ৰৱঞ্চকৰে প্ৰেমৰ সম্পর্ক স্থাপন কৰি বিপদত বলিউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ ৷ প্ৰৱঞ্চক প্ৰেমিকৰ পৰা লাখটকীয়া উপহাৰ লৈ ই ডিৰ ৰোষত পৰিছে অভিনেত্ৰী গৰাকী ৷ আজি ই ডিয়ে জেকলিনৰ ৭ কোটি টকাৰ ফিক্সড ডিপজিট জব্দ কৰিছে ৷ প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ বিৰুদ্ধে ৰুজু হোৱা ২০০ কোটি টকাৰ অবৈধ ধনৰ লেনদেন গোচৰৰ তদন্তৰ অংশ হিচাপে এই ডিপ’জিট জব্দ কৰা হৈছে ৷
তদুপৰি জেকলিনৰ ১৫ লাখ টকাও জব্দ কৰিছে ই ডিয়ে ৷ ২০১৯ চনত ধনৰ অবৈধ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৰেনবেক্সিৰ প্ৰাক্তন মালিক শিবিন্দৰ সিঙৰ পৰিয়ালৰ পৰা লোৱা ২০০ কোটি টকাৰ ৫.৭১ কোটি টকাৰ উপহাৰ সুকেশে জেকলিনক দিছিল ৷ শিবিন্দৰ সিঙৰ পত্নী অদিতি সিঙৰ অভিযোগৰ পিছত চন্দ্ৰশেখৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছিল ৷
অনুসন্ধানকাৰীসকলে প্ৰৱঞ্চক সুকেশৰ সৈতে জেকলিনৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰিছে। তেওঁ চন্দ্ৰশেখৰৰ পৰা ১.৫ লাখ ডলাৰ ঋণ লোৱাৰ কথা স্বীকাৰ কৰিছে ৷ তদুপৰি উপহাৰ হিচাপে সুকেশে 52 লাখ মূল্যৰ ঘোঁৰা, 9 লাখ মূল্যৰ তিনিটা পাৰ্চী মেকুৰী, ৰত্ন খচিত কাণফুলি আৰু এটা হাৰ্মিছ ব্ৰেচলেট জেকলিনক উপহাৰ দিছিল ৷ এখন মিনি কুপাৰ গাড়ীও উপহাৰ হিচাপে লাভ কৰিছিল জেকলিনে ৷ চন্দ্ৰশেখৰে অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ সদস্যসকলক বৃহৎ পৰিমাণৰ উপহাৰ প্ৰদান কৰিছিল ৷