কৰ্কট ৰোগত আক্ৰান্ত হৈছে পেটা ফটোশ্বুট মডেল তথা অভিনেত্ৰী ৰ’জলিন খান ।অভিনেত্ৰী গৰাকীয়ে নিজেই এই খবৰটো তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত প্ৰকাশ কৰে আৰু লগতে মুম্বাইৰ এখন চিকিৎসালয়ৰ ফটোও শ্বেয়াৰ কৰে। তেওঁ অহা ৭ মাহৰ বাবে কেম’থেৰাপি লোৱাৰ কথাও জনায় অনুৰাগী সকলক। তেওঁৰ এই দীঘলীয়া পোষ্টটোত ৩৪ বছৰীয়া মডেলগৰাকীয়ে লিখিছে যে ”কেন্সাৰ….. দুখীৰ দুখৰ অন্ত নাই ৷ কষ্ট কৰিব পৰা লোকৰ জীৱন সহজ কেতিয়াও নহয় বুলি তেওঁ ক’ৰবাত পঢ়িছিল ৷ লগতে তেওঁ কয় যে ঈশ্বৰে নিজৰ শক্তিশালী সৈন্যকহে কঠিনৰ পৰা কঠিনতম যুদ্ধ কৰিবলৈ দিয়ে ৷গতিকে এইটো তেওঁৰ জীৱনৰ এটা অধ্যায় য’ত আছে সম্পূৰ্ণ বিশ্বাস আৰু আশা ৷
তেওঁ পুনৰ লিখিছে যে তেওঁৰ মতে প্ৰতিটো বিপদ-বিঘিনিয়ে তেওঁক আৰু অধিক শক্তিশালী কৰি তোলে ৷ অৱশ্যে তেওঁৰ বাবে প্ৰাৰ্থনা কৰা মৰমলগা মানুহবোৰ আছে ৷ লগতে যি হয় ভালৰ বাবেই হয় কাৰণ তেওঁ ভাল । তেওঁ উল্লেখ কৰা মতে ডিঙিত আৰু পিঠিত তীব্ৰ বিষৰ বাহিৰে আন কোনো লক্ষণ নাছিল তেওঁৰ আৰু সেয়েহে তেওঁ ইয়াক জিমনাষ্টিকছ কৰাৰ বিষ আৰু পিঠিত মানসিক চাপৰ বুলি ভুল কৰিছিল ৷ অৱশ্যেই যিয়েই নহওক এই ৰোগটো সোনকালে ধৰা পৰিল।
এতিয়া ৭ম মাহৰ বাবে তেওঁ কেম’থেৰাপি ল’ব লাগিব আৰু প্ৰতিটো কেম’থেৰাপিৰ পিছত এসপ্তাহৰ বাবে জিৰণি ল’ব লাগিব ৷ লগতে তেওঁ অনুৰাগী সকলক উদ্দেশ্যি কয় যে সাহসী মডেলৰ সৈতে কাম কৰিবলৈ সকলোকে সাহসৰ প্ৰয়োজন। লগতে এতিয়া তেওঁ এটা এটা দিন জীয়াই থাকিব লাগিব ।
অভিনেত্ৰী গৰাকীৰ এই পোষ্টটোৰ পিছতে তেওঁৰ বহু অনুৰাগী তথা ছবি আৰু টেলিভিছন জগতৰ বন্ধু-বান্ধৱীয়ে ‘জি লেনে ডো এক পল’ অভিনেত্ৰীগৰাকীলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে ।
তেওঁৰ অনুৰাগী সকলৰ মাজৰ এজনে লিখিছে, ”ভগৱানে আপোনাক দীৰ্ঘায়ু কৰক ৷আপুনি শীঘ্ৰেই সুস্থ হৈ উঠক সেয়াই প্ৰাৰ্থনা ৷ আন এজনে লিখিছে ”শীঘ্ৰে সুস্থ হৈ যাওক। আপুনি ইয়াৰ মাজেৰে পাৰ হ’ব পাৰিব’’ ।
উল্লেখযোগ্য যে শেষবাৰৰ বাবে ৰজনীশ ডুগলৰ সৈতে সমীৰ অঞ্জনৰ গীত ‘আ ভি-জা’ত দেখা গৈছিল অভিনেত্ৰী গৰাকীক। এতিয়া সকলোৰে মাথোঁ প্ৰাৰ্থনা শীঘ্ৰেই আৰোগ্য হৈ পুনৰ এইখন জগতলৈ উভতি আহক ৩৪ বছৰীয়া মডেল তথা অভিনেত্ৰী ৰ’জলিন খান ৷
View this post on Instagram