প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ঘনিষ্ঠ’ উদ্যোগপতি গৌতম আদানীক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বিত্তীয় গৱেষণা সংস্থাৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত শ্বেয়াৰৰ মূল্যত অনিয়ম কৰাৰ অভিযোগৰ পিছত এইবাৰ সংবাদ মাধ্যমত কয়লা আমদানিৰ ব্যয় বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে ৷
এআইচিচিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে কয়লা কেলেংকাৰীৰ লগতে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত আদানীৰ বিৰুদ্ধে ১২ হাজাৰ কোটি টকাৰ আৰ্থিক অনিয়মৰ অভিযোগত প্ৰধানমন্ত্ৰী মোদীয়ে মৌন। তেওঁ লগতে ঘোষণা কৰে যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে আদানীৰ বিৰুদ্ধে আৰ্থিক অনিয়মৰ সকলো অভিযোগৰ তদন্ত কৰা হ’ব।
কাকতলীয়াভাৱে লণ্ডনৰ ফাইনেন্সিয়েল টাইমছে বৃহস্পতিবাৰে এক তদন্তমূলক প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি আদানী গ্ৰুপে বিদ্যুৎ উৎপাদনৰ বাবে বহিঃৰাজ্যৰ পৰা ৫ বিলিয়ন ডলাৰৰ কয়লা আমদানি কৰিছিল, যিটো বজাৰ মূল্যৰ দুগুণ দেখুওৱা হৈছে। সেই ভুৱা মূল্যৰ ভিত্তিত বিদ্যুতৰ শুল্ক নিৰ্ধাৰণ কৰা হয়। ইয়াক ৰাইজ আৰু কাৰখানাৰ মালিকসকলে আদায় দিব লাগে । ফলত আদানী গ্ৰুপে খৰচৰ তুলনাত ৫২ শতাংশ লাভ অর্জন কৰে।
অভিযোগ অনুসৰি ২০১৯ৰ পৰা ২০২১ চনৰ ভিতৰত আদানী গোটটোৱে ৩০খন জাহাজত ৩১ লাখ টন কয়লা আমদানি কৰিছিল। ইণ্ডোনেছিয়াৰ পৰা জাহাজ যাত্ৰাৰ সময়ত কয়লাৰ ঘোষিত মূল্য ১০৩৭ কোটি টকা। ভাৰতত সেই কয়লাৰ মূল্য ১৫৪০ কোটি টকা বুলি শুল্ক বিভাগক জনোৱা হৈছে। চৰকাৰী এন টি পি চিয়েও আদানীৰ পৰা কয়লা ক্ৰয় কৰিছিল। ফলত কৰদাতাৰ ধনেৰে অধিক মূল্যত কয়লা ক্ৰয় কৰিছে। মুঠৰ ওপৰত কংগ্ৰেছে অভিযোগ কৰে যে আদানী গোটটোৱে অবৈধভাৱে ১২ হাজাৰ কোটি টকাৰো অধিক অতিৰিক্ত লাভ কৰিছিল এনেদৰে অবৈধ কয়লা বিক্ৰীৰ জৰিয়তে । বুধবাৰে ৰাহুলে কয় যে “আদানিৰ অবৈধ লাভৰ বাবে বিদ্যুতৰ দাম বৃদ্ধি পাইছে”।