মহা শিৱৰাত্ৰি উপলক্ষে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত উমানন্দ মন্দিৰলৈ যাবলগীয়া তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে আভ্যন্তৰীণ জল পৰিবহন বিভাগে আজি গুৱাহাটী আৰু উমানন্দৰ মাজত পৰিচালনা কৰিছে অতিৰিক্ত ফেৰী সেৱা ৷
ফেৰী সেৱাসমূহ পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱাৰ লগতে আবেলি ৪ বজালৈকে চলিব। উমানন্দ যাত্ৰাৰ বাবে টিকটসমূহ ভক্তসকলে অনলাইনত বুক কৰিব লাগিব কিয়নো এইক্ষেত্ৰত দৰ্শনাৰ্থীক হাতে হাতে টিকট বিক্ৰী কৰা নহ’ব।
এতিয়ালৈকে ‘ৰো-পেক্স’ আৰু ‘এমভি মেঘনা’ নামৰ দুখন জাহাজ প্ৰতিদিনে গুৱাহাটী আৰু উমানন্দৰ মাজত চলাচল কৰি আছিল। অৱশ্যে আজি এই জল পথটোৰে ‘এমভি সুনাই’ আৰু ‘এমভি সুদৰ্শন’ নামৰ আন দুখন ফেৰী চলাচল কৰিব । আনহাতে আন এখন ফেৰী ‘জলপৰী’ চলাচল কৰিব শুক্ৰেশ্বৰ ঘাট আৰু উমানন্দৰ মাজত ৷
ইয়াৰ উপৰিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগে যাত্ৰী সকলৰ সুবিধাৰ্থে দুই তিনিখন ব্যক্তিগত ফেৰীও সাজু কৰি ৰাখিছে ৷