হলিউড-বলিউডত সমানে সুখ্যাতি লাভ কৰা অসম সন্তান আদিল হুছেইনে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সংস্থা নাছাৰ ৷ শণিবাৰে টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আদিল হুছেইনে ৷ টুইটাৰত তেওঁ লিখিছে “ নাছাই মোক এইমাত্ৰ মোক বর্ডিং পাছ প্ৰেৰণ কৰিছে ৷২০২৬ চনৰ জুলাইত ফ্লৰিডাৰ পৰা মঙলগ্ৰহৰ জেজেৰ’ কেটেৰ’লৈ এই মঙল গ্ৰহ অভিযানে সামৰি ল’ব ৷ অৱশ্যে এই ভ্ৰমণ শাৰিৰীক নহয় ৷”
নাছাৰ এক বিশেষ অভিযানৰ অংশ হিচাপে পঞ্জীয়ন ব্যৱস্থাৰ জৰিয়তে মঙল গ্ৰহলৈ মানুহৰ নাম কঢ়িয়াই নিব ৷ এটা সৰি নখৰ আকৃতিৰ চিপত লিখা থাকিব আপোনাৰ নাম ৷ এই নাম লিখা চিপসমূহ মহাকাশযানে কঢ়িয়াই নিব মঙল গ্ৰহলৈ ৷ অর্থাৎ আপুনি শাৰিৰীকভাৱে নগ’লেও , আপোনাৰ নাম লিখা চিপ গৈ উপস্থিত হ’ব মঙল গ্ৰহত ৷