কর্কট ৰোগত আক্ৰান্ত হৈছে ইছৰোৰ অধ্যক্ষ এছ সোমনাথ ৷ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কৰ্কট ৰোগ ধৰা পৰাৰ সময়ত তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) সৌৰ যান আদিত্য-এল১ উৎক্ষেপণৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত আছিল। সেই পৰিস্থিতিত তীব্ৰ চাপক আওকাণ কৰি ইছৰোৰ মুৰব্বী এছ সোমনাথে সন্মুখৰ পৰাই সৌৰ অভিযানৰ নেতৃত্ব দিছিল।
অৱশ্যে সোমবাৰে সোমনাথে নিজেই ঘোষণা কৰে যে তেওঁৰ কৰ্কট ৰোগত আক্ৰান্ত ৷নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়তে তেওঁৰ পেটত ‘মাৰাত্মক ৰোগৰ সংক্ৰমণ’ চিনাক্ত কৰা হয়। দিনটো আছিল ২০২৩ চনৰ ২ ছেপ্টেম্বৰ। প্ৰসংগক্ৰমে সেইদিনা আদিত্যই পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত ‘হেলো কক্ষপথ’ (সূৰ্যৰ চাৰিওফালে থকা কক্ষপথ)তপাৰ হৈ যায়।
ইয়াৰ পিছত একেৰাহে চাৰি মাহ আদিত্যৰ গতিবিধি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ কামত সোমনাথে নিজকে জড়িত কৰিলে। জানুৱাৰী মাহৰ আৰম্ভণিতে ইছৰ’ৰ ‘হেলো কক্ষপথ’ৰ লেগ্ৰেঞ্জ পইণ্টত মেগনেটোমিটাৰ বুম সফলতাৰে সংস্থাপন কৰাৰ দুমাহৰ পাছতো তেওঁ নিজৰ কৰ্কট ৰোগৰ খবৰটো লুকুৱাই ৰাখিছিল।
সোমবাৰে এই খবৰ প্ৰকাশ কৰি সোমনাথে কয় যে আদিত্যৰ উন্মোচনৰ সময়ত এটা সমস্যাৰ সৃষ্টি হৈছিল। কেমোথেৰাপি আৰু অস্ত্ৰোপচাৰ কৰিব লগীয়া হৈছিল ৷ তেওঁ কয় –“ মাত্ৰ চাৰিদিন চিকিৎসালয়ত কটোৱাৰ পিছত মই পুনৰ ইছৰোত যোগদান কৰো। মই সুস্থ হৈ থাকিমনে নাই তাক লৈ শংকা হৈছিল ৷কিন্তু মই সুস্থ হ’লো আৰু পঞ্চম দিনাৰ পৰাই কোনো বিষ নোহোৱাকৈ কাম আৰম্ভ কৰিবলৈ সক্ষম হ’লো ৷ কিন্তু এতিয়া মোৰ নিয়মীয়া স্বাস্থ্য নিৰীক্ষণ থাকিব লাগিব।“