উত্তৰ প্ৰদেশৰ ঝাঁন্সী ৰে’লৱে ষ্টেশ্যনৰ নাম সলনি কৰি বীৰাংগনা লক্ষ্মীবাঈ ৰখাৰ কথা বুধবাৰে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৷তিনিমাহ পূৰ্বেই উত্তৰ প্ৰদেশ চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ষ্টেশ্যনটোৰ নাম সলনি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল ৷
ৰে’ল মন্ত্ৰালয়ৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে অনুমোদন লাভ কৰাৰ পিছতে বিভাগীয় ৰে’ল ডিভিজনে ঝাঁন্সী ৰে’ল ষ্টেশ্যনৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
উল্লেখযোগ্য যে ঝাঁন্সী ষ্টেশ্যনৰ নাম সলনিৰ কথা মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিক ভাৱে ঘোষণা কৰাৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰি বিজেপিক কেৱল নাম সলনি কৰা পাৰ্টি আখ্যা দিছে সমাজবাদী পাৰ্টিয়ে৷ ৷ যিহেতু ইয়াৰ পূৰ্বেও আদিত্যনাথে কেইবাখনো ঠাইৰ পুনৰ নামাকৰণ কৰিছিল আৰু এলাহবাদৰ নামো প্ৰয়াগৰাজ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷