অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত বিয়াগোম কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীত দোষী সাৱ্যস্ত হোৱা ৩২ জন অপৰাধীৰ শাস্তিৰ ম্যাদ আজি ঘোষণা কৰে বিশেষ ন্যায়াধীশৰ আদালতে ৷
এ পি এছ চি কেলংকাৰীৰ মাষ্টাৰ মাইণ্ড তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক ১৪বছৰৰ কাৰাদণ্ডৰ লগতে ২লাখ টকাৰ জৰিমনা বিহে আদালতে। ৰাকেশ পালৰ সহযোগী তথা আয়োগৰ দুই সদস্যক বসন্ত দলে আৰু ছামেদুৰ ৰহমানক আদালতে ১০বছৰৰ কাৰাদণ্ডৰ লগতে ৫০হাজাৰ টকাৰ জৰিমনা বিহে । এই গোচৰটোত দোষী সাৱ্যস্ত হোৱা ২৯ জন কৃষিবিষয়াক আজি ৪বছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে আদালতে ।
উল্লেখ্য যে দীর্ঘদিনীয়া শুনানিৰ অন্তত বিশেষ ন্যায়াধীশৰ আদালতে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, ছামেদুৰ ৰহমানৰ সৈতে মুঠ জনক দোষী সাব্যস্ত কৰিছিল। আনহাতে এই গোচৰত দোষমুক্ত কৰা হৈছে ১১ জনক ৷ সমগ্ৰ কেলেংকাৰী সন্দর্ভত ভঙাগড় আৰক্ষী থানাত এজন বঞ্চিত প্ৰার্থীয়ে গোচৰ ৰুজু কৰিছিল ৷ এই গোচৰৰ ভিত্তিতে তদন্ত কৰি আৰক্ষীয়ে কেইবাখনো চার্জশ্বীট দাখিল কৰে ৷