আফগানিস্তানত তালিবানৰ নেতৃত্বত শাসন আৰম্ভ হোৱাৰ পাছতে সংকটৰ সন্মুখীন হৈ আহিছে মহিলাসকল৷ বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ আৰোপ কৰিছে নতুন চৰকাৰে৷ মহিলাসকলৰ শিক্ষাৰ পৰা সাজ-পোচাকলৈ বিশেষ নীতি নিয়ম বান্ধি দিছে তালিবান চৰকাৰে৷ আনকি মহিলাসকলৰ খেলা ধূলাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে তালিবানে৷ ইয়াৰ মাজতে তালিবানৰ অপশাসনৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছে দেশখনৰ ১০০ গৰাকী মহিলা ফুটবলাৰ৷ কালি আফগানিস্তানৰ ১০০ গৰাকী মহিলা ফুটবলাৰক কাটাৰলৈ স্থানান্তৰিত কৰা হৈছে৷ বিমানযোগে ফুটবলাৰ কেইগৰাকী কাটাৰত উপস্থিত হয়৷ কাটাৰৰ সহযোগী বিদেশ মন্ত্ৰী ললৱাহ আল খাটেৰে এই কথা প্ৰকাশ কৰিছে৷
আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি ফুটবলাৰকেইগৰাকীৰ ভিতৰত ২০ গৰাকী আফগান ৰাষ্ট্ৰীয় ফুটবল টীমৰ সদস্য৷ এই ফুটবলাৰ কেইগৰাকীক উদ্ধাৰৰ বাবে ফিফাই কাটাৰ চৰকাৰৰ সৈতে সহযোগিতা কৰি আহিছে৷ তালিবানে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে আফগান মহিলা এথলীটসকলৰ সুৰক্ষাৰ বিষয়টোক লৈ যথেষ্ট আশংকা বৃদ্ধি পাইছিল৷ শেহতীয়াকৈ তালিবানে মহিলাসকলক খেলা-ধূলা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল৷ আনকি ৰাজহুৱা স্থানত মহিলাসকলক সর্বশৰীৰ কাপোৰেৰ ঢাকিহে ওলাবলৈ নির্দেশ দিছে৷